পৃষ্ঠা:সুৰভি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৮)


ধোন্দোলা, গঁঠীয়া, টেমুনা আৰু ফটা। তেওঁৰ বাপেক বিক্ৰমপুৰৰ বঙ্গাল আৰু মাক অসমীয়া। অৱশ্যে দুই দেশৰ দুই জাত সংগ্ৰহ কৰি মিলাই অতাঁলত সি একেটা হৈ কোন জাতত পৰিছিল গৈ সেইটো মোৰ বুজ নাছিল। কিন্তু লোকে বাপেকৰ জাতকুল অৰ্থাৎ তেলীয়া আৰু মাকৰ জাত পানী কেওঁট বুলি কৈছিল। কিন্তু লোকৰ কথা সঁচাই হওক বা মিছাই হওক সেই তেল পানী মিহলি হৈ কি হৈছিল তাৰ উৱাদিহ মই সমূলী নাৰাখিছিলোঁ। আসামত তেওঁ লোকৰ বসতিৰ বয়স কম-বেছি দেৰ কুৰি বছৰ হৈছিল। বাপেক মৰি যোৱাৰ পিছত মাধৱেও অসমীয়া কলিতানী ছোৱালী এজনী বিয়া কৰাই আৰু আউনিআটী সত্ৰত শৰণ লৈ নাম-কথা শুনি চাৰি পোৱা অসমীয়াৰ শাৰীত উঠিছিল। বিয়াই সবাহে মাধৱ তৰণিৰ ঘৈণীয়েকে আমোলানীহঁতৰ সৈতে শাৰীপাতি বহিছিল আৰু সমানে মলা চৰু বিচাৰিছিল আৰু সেই “দাবীত” আপত্তি কৰিলে তৰণিয়নীয়েও সমানে মুখ জোকাৰি সেই আমোলানীহঁতক দুই চাৰি কথা শুনাই তৰণি হেৰুৱাই দিবলৈকো নাপাহৰিছিল। আৰু নুশুনাবই বা কিয়? আমোলানীহঁতৰ গিৰিয়েকহঁত তৰণিয়নীৰ গিৰিয়েক তৰণিৰ ধৰুৱা নহয় নে? ধন ধাৰে লাগিল বুলিলেই, ধাৰত পেন্-পেন্ আমোলা ডাঙ্গৰীয়াসকল টকাত দুপয়চাৰ পৰা এক অনালৈকে বাঢ়িত তৰণিয়নীৰ ‘আমাৰ ডাঙ্গৰীয়া’ মাধৱ তৰণিৰ পৰা ধন ধাৰে আনিবলগীয়াত নপৰেনে? সেই দেখিয়েই মাধৱ তৰণিৰ ঘৈণীয়েক লখিমী তৰণিয়নীয়ে দুপৰীয়া তামোলৰ বঁটা আগত লৈ চল পালেই, টেকেলানী গায়ননী আৰু দীঘলানী বাইহঁতৰ আগত নকৈ নেৰে যে, ‘গপ্মাৰতী আমোলানীহঁতৰ চুলিৰ আগ আটাই কেইকোছা আমুকীৰ হাতত।’ এইখিনিতে আৰু এষাৰ কবলৈ বাকী আছে যে মাধৱৰ ঘৈণীয়েকে বৰজাপী ধৰা মানুহ লগত নোহোৱাকৈ এখোজো নাকাঢ়িছিল, তেহেলৈ তেওঁৰ ঘৰৰ সমুখৰ আলিটোৰ সিপাৰে থকা কাৰো ঘৰলৈ তেওঁ যাবলগীয়াই হওক, বা দূৰৈলৈ যাবলগীয়াই হওক।

 “তৰণিয়ে ঈশ্বৰৰ ইচ্ছাত তিনিজনী ছোৱালী আৰু এটা লৰাৰ বাপেক হৈ ঘৈণীয়েকৰ হাতত, অলপ বা ডাঙৰ দোষতে ‘আজি মাৰটীয়েৰে’ বুলি, সেই লৰা-ছোৱালীমখাৰ পিঠিত ঢকিয়াবলৈ অধিকাৰ প্ৰদান কৰিলে। কালক্ৰমত তৰণিৰ লৰা-ছোৱালী কেইটা ডাঙৰ দীঘল হল, আৰু ছোৱালী তিনিউজনী বিয়া দি উলিয়াই দিবৰ কাল পালেহি। তেওঁৰ তিনিউজনী ছোৱালী গঢ়িত আৰু শুৱনি আছিল। সিহঁতক আজিকালি কোনো অসমীয়া ডেকা কবিয়ে লগ পোৱাহেঁতেন, সিহঁতৰ ৰূপ তেওঁৰ কবিতাৰ কিতাপত এছোৱা এইদৰে নিশ্চয় বৰ্ণনা নকৰি নেৰিলেহেঁতেন—