পৃষ্ঠা:সুৰভি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬৩ )


দেখিলে ভতৰা বলিয়া হোৱাদি পালৰ কথা ওলালে শশীবাবু, বলিয়া হয়। সি যি হওক, মেলত নথকা পালৰ ওপৰত এছোৱা ভালকৈ তেওঁ গৰ্জি লৈ সেইদিনৰ নিমিত্তে মোৰ ঘৰৰ পৰা তপত হৈ উতলি ওলাই বাহিৰত পৰিল।

 সাদিনমানৰ মূৰত আকৌ এদিন গধূলি মোৰ বহাত শশীবাবুৰ শুভাগমন হল। সেই দিনা তেওঁৰ ভাত ৰান্ধনি বামমূণটোৰ হাতত দি এথাল সন্দেশ আৰু মতিচূৰৰ লাড়ু মোলৈ তেওঁ লৈ আহিছিল। আহিয়েই কলে,—“বড়ুয়া মশায়, গিন্নী স্বহস্তে এইগুলো খাবাৰ তৈৰী কৰে তোমাৰ জন্য পাঠিয়ে দিয়েছেন।’ মই কলোঁ, অশেষ ধন্যবাদ। মোৰ কৃতজ্ঞতা তেওঁক জনাব।”

 “শশীবাবু। ‘দেখ, তোমাদেৰ ইংৰেজীয়ানা গুলো ছাড়তে হচ্ছে। এতো ‘ফৰ্ম্মেলিটি’ কেন? আমি তোমাকে তুমি বলে ‘এদ্ৰেচ’ কৰেছি, তোমাৰও আমকে তুমি বলা উচিত। কিন্তু ভাই, আমি যে খাবাৰগুলো ভাৰ বয়ে এতো পৰিশ্ৰম কৰে আনলুম আমাকে থেঙ্কচ্ থেঙ্কচ্ কিছুইতো একটা দিলে না।’ মই উত্তৰ দিলোঁ ‘আপনাকো দিছোঁ, দুইজনেই বাঁটি লওক।”

 “শশী।— আবাৰ আপনি? ৰোগ সান্নিক দেখছি! দেখ ভাই বড়ুয়া মশায়, আমাৰ পৰিবাৰ সত্যি সত্যি ভাৰী ব্যস্ত হয়ে উঠেছেন তোমাৰ পৰিবাৰকে দেখবাৰ জন্য। শীগ্‌ গিৰ আনাও। নাহলে বাপু আমাৰ আৰ সোয়াস্তি থাকছে না। তাকে আজ আৰ একখানা চিঠি লিখে দাও আসতে। লিখবে তো?”

 “মই নিৰুপায় হৈ উত্তৰ দিলোঁ, দিম লেখি।”

 শশী।— আমাদেৰ বিষয়ও তাঁকে লিখো। আৰ বলো, তোমাৰ একটি গৰীব বন্ধু যুটেছে, সে আৰ তাঁৰ স্ত্ৰী তাকে শত সহস্ৰ নমস্কাৰ জানাচ্ছে, আৰ তাঁৰা তোমাৰ অপেক্ষাই পথ পানে চেয়ে আছে। দেখ বড়ুয়া, তুমি আমাৰ চেয়ে বয়সে বড়, তোমাকে বাৰ বাৰ বড়ুয়া মশায় আৰ বলা চলে না। তোমাকে দাদা বলবো, আৰ তাঁকে বৌদিদি বলবো। বৌদিদিৰ নামটা কি দাদা?'

 “মই কি উত্তৰ দিম ভাবি নাপাই বিমোৰত পৰি নামাতি বলোঁ। তেওঁ মোৰ উত্তব নাপাই আকৌ শুধিলে—‘বলনা ভাই বলতে লজ্জাকি? তোমাৰ লজ্জা দেখে মৰে যায় আৰ কি! মেয়ে মানুষেৰও বেশি।”

 “মই ভাবিবলৈ নহল, চিন্তিবলৈ নহল, দুষ্টা সৰস্বতীৰ উচ্চতনিত হবলা, মিছাকৈয়ে সাজি কৈ দিলোঁ— ‘ভুবুকী।' তেওঁ টপৰকৰে কথাষাৰ মোৰ মুখতে ধৰি কলে, ‘ভুৰ্কী? বেশ নামটিতো। দেখ দাদা, তুমি যখন বাড়ীতে চিঠি-পত্ৰ লিখবে ভুৰ্কী বৌঠাকুৰুণকে আমাৰ প্ৰণাম দিও।’ মই দিম বুলি কৈ কোনেমতে গা সাৰি সেই দিনৰ নিমিত্তে ৰক্ষা পৰিলোঁ।