( ৬২ )
মই যাব লাগিছোঁ। নানা কথা আৰু আলাপৰ পিচত তেওঁ মোক শুধিলে,
‘আপনাৰ পৰিবাৰ এইখানে না দেশে?’ মই কি কম একো ভাবি নাপাই উত্তৰ
দিলো ‘দেশত।’ তেওঁ কলে ‘এখানে আনান, এখানে আনান; একলা কেন কষ্ট
পাচ্ছেন!’ মই মিহিকৈ মাত লগালোঁ, ‘এৰা অনাব লাগিব।’ অৱশ্যে মই বঙ্গলা
ভাষাতেই এই উত্তৰ দিছিলোঁ; মাথোন আপোনাৰ আগতহে তাক অসমীয়াকৈ
কৈছোঁ। সেই দিনৰ সেই ছোৱা সেই খিনিতে শেষ হল। মই ভাবিলোঁ, কলা
ডাৱৰ ইমানতে উৰি গল, আৰু বতৰ ফৰকাল হল।’ কিন্তু অ’ হৰি! ইয়াৰ
পিচত দেখোন বৰটোপীয়া বৰষুণ! তিনি দিনৰ পিচত, শশীবাবু আকৌ মোৰ
ঘৰত ওলালহি। তেওঁক দেখি মোৰ চুলিৰ আগে ধাতু যোৱা যেন লাগিল,
আৰু গাত জ্বৰ উঠিল। কিন্তু কি কৰা যায়! চাহপানী ধপাত আদিৰে আকৌ
তেওঁক আগৰ দৰে সোধ-পোছ কৰিলোঁ। এইবিধ লঘু আহাৰৰ পিচত, তেওঁ
আগৰ দিনৰ সেই কথা গুৰুতৰকৈ আকৌ আউটি উলিয়ালে; আৰু মোৰ মুখ
শুকাই টোটোৰা পৰি গল। ‘দেখুন আমি আমাৰ পৰিবাৰকে সেদিন বাড়ী
গিয়ে বলেছিলুম যে বড়ুয়া মশায়ও শীঘ্ৰেই এখানে তাৰ পৰিবাৰ নিয়ে
আসছেন। খপৰটা শুনে গিন্নীৰ তো ভাৰী আহ্লাদ, বল্লেন বেশতো শীগ্ গিব
আনতে বলো; তাহলে আমাদেৰ বেড়াতে যাবাৰ একটা জায়গা হবে। গিন্নী
জিজ্ঞেস কৰলেন, বড়ুয়া মশায়েৰ ছেলেপিলে কয়টি? আমি কিন্তু কথাটাৰ জবাব
দিতে পাৰলুম না বোলে, গিন্নী আমাৰ উপৰ মস্ত অম্বী কৰলেন। বল্লেন,
তোমাদেৰ বন্ধুত্বতা বেশ যাহোক, ছেলেপিলেৰ কথাই জিজ্ঞেস কৰতে ভুলে
যাও!”
“কথাই বিষম ফালে ঢাল লোৱা দেখি মই সেই কথাৰ সমিধান নিদি দেশৰ হুলস্থুলৰ বিষয়ে কথা উলিয়াই তাৰ ওপৰত ঢাকোন দিলোঁ। মোৰ বুধিটো যে একেবাৰেই নাখাটিল এনে নহয়; কিন্তু শশীবাবুৰ একৈয়া জ্বৰ, সেই বিষয়ে নানা কথা-বাৰ্ত্তাৰ পিছত, তেওঁৰ মুখত, আকৌ সেই আগৰ বোল ওলাল। মইও সতৰ্ক হৈ আছিলোঁ; গতিকে, ততালিকে আকৌ অতিচাৰী দলৰ (Extremist) বৰমূৰীয়া পালবাবুৰ কথাৰ সাফৰটো মেলি দিলোঁ। বাবুৰ নাম নকলো জানিবা ফেটীসাপৰ নেগুৰতহে খচকা মাৰি দিলোঁ। পালৰ পোৰ নাম শুনিয়েই শশীবাবুৱে মোৰ ছোৱা পাহৰি সেই ছোৱাত ধৰিলে। শশীবাবুৰ গাত সেই ফেৰা বিন্ধা মই আগৰে পৰা লক্ষ্য কৰি থৈছিলোঁ; গতিকে, মোৰ বিষয়ে ওলোৱা কথাৰ জোলটো সেই সৰুঙাত পেলাই দি বোৱাই বাহিৰলৈ উলিয়াই দিবলৈ আগৰে পৰা আলচি থৈছিলোঁ আৰু, দিলোঁও; আৰু সেই বাটেদিয়েই পালৰ পোৰ কথাৰ জোল ভিতৰলৈ সুমাই আনিলোঁ। ৰঙা কাপোৰ