পৃষ্ঠা:সুৰভি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিস্তাৰিণী দেৱী বা ফাতেমা বিবী


 দেওবাৰ, দুপৰীয়া। পৰক আপোনাৰ কৰি, অৰ্থাৎ পানীৰ মাছ, পথাৰৰ ভাত, বাৰীৰ শাক পাচলি, বজাৰৰ লোণ তেলক অন্তৰঙ্গ বন্ধু কৰি লৈ, অৰ্থাৎ পোনাই ক'বলৈ গলে, ওপৰত কোৱা বস্তুবোৰ দকচি এপেটকৈ খাই উঠি, “ইজিচেয়াৰ" বা "আৰামচকি' এখনৰ ওপৰত পূৰ্ণ বিশ্বাস স্থাপন কৰি সম্পূৰ্ণৰূপে ভৰ দি, নিজৰ হাত ভৰি মূৰেৰে সপৰিবাৰ শৰীৰটো তাত থাপি, বনৰীয়া উতনুৱা ছটা বাৰৰ লগৰীয়া ঘৰচীয়া জাতি দেওবাৰটোক নথৈ শলাগি, আদখিনি মেলা আদখিনি জগোৱা চকুৰে দেহাৰূপী বৰঘৰটো আন্ধাৰ পোহৰ কৰি থাকি, নলিচা লগোৱা গুৰগুৰিটোৰে সৈতে টোবোক-টোৰোক ভাষাত অতীত কালৰ পাহৰা কথা সুঁৱৰি সুঁৱৰি পাতি আছোঁ। এনেতে মোৰ পকীঘৰৰ ছালৰ ওপৰত গিৰিং কৰে কিবা এটা পৰা শব্দ শুনিলোঁ। মোৰ বৈ থকা সুখ-নৈৰ সোঁতটোৱে ততালিকে ওভতনি পাক ললে, আৰু মই উঠি গৈ দেখিলোঁ যে, পকীঘৰৰ ছালৰ ওপৰত কাম কৰা ৰাজ-মিস্ত্ৰিবোৰক ইটা যোগোৱা কুলিয়নী এজনী, তাই মূৰত লৈ যোৱা এপাচি ইটাৰে সৈতে, ছালৰ ওপৰত হঠাতে পিছলি পৰি মূছ-কছ গৈছে। লৰা-লৰিকৈ পানী আনি তাইৰ মূৰত দিবলৈ দিহা নকৰি মিস্ত্ৰী কেইটাই অবাক হৈ ভোজখোৱা শিয়ালৰ দৰে চাই আছে। হেৰ বাঘে খোৱা গৰুহঁত। তহঁতে কি কৰিছ?" বুলি মই সিহঁতক গালি পাৰি লৰা-লৰিকৈ পানী অনাই মানুহজনীৰ মূৰত থপিয়াই দিয়ালো। অলপমান বেলিৰ পিছত তাইৰ ধাতু আহিল। তাৰ পিছত দাং দোলাকৈ তাইক ধৰাই লাহে-লাহে তললৈ অনালোঁ। এপাচি ইটাৰে সৈতে পৰি তাই বৰ টান পোৱা বাবে তাইৰ তেনে হৈছিল। মানুহজনী গা-ভাৰী