পৃষ্ঠা:সুৰভি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২ )

ৰেকে জোৱাঁয়েকৰ এই অদ্ভুত উকিলী চিঠি পাই বিমোৰ হৈ উত্তৰ পঠিয়ালে, “বোপা, তোমাৰ গা কেনে আছে এই পত্ৰবাহকব মাৰ্ফত জানিব দিবা মই বৰ চিন্তিত হৈ আছোঁ। বিশেষ মোৰ পক্ষে ইমান লৰালৰিকৈ শান্তি দিবলৈ দিহা কৰি উঠা একেবাৰেই অসম্ভৱ। মই অকলশৰীয়া মানুহ তুমি দেখোন জানায়েই। অৱশ্যে এমাহমানৰ মূৰত মই ছোৱালী শান্তি দিবলৈ যথাসাধ্য চেষ্টা কৰিম। সম্প্ৰতি মই বৰ চিন্তিত হৈছোঁ; তোমাৰ গা কেনে আছে জানিবলৈ দিবা। যদি হে গা ভাল নহয়, তেন্তে মই বেজবৰুৱাক লগত লৈ এতিয়াই তোমাৰ তালৈ যাম।”

 জোৱাই বোপাই শহৰেকৰ উত্তৰ পাই ঘৃতাহুতি হৈ উঠিল। তেওঁৰ মূবৰ তালুত খঙে ইমান উপদ্ৰৱ লগালে যে, তেওঁক দেখোতাৰ মনত খেলাবলৈ ধৰিলে যেন তেওঁৰ খং জুইত চুলিবিলাক পৰি থোপাথোপে কুকুহা উৰি যাব লাগিছে। তৎক্ষণাৎ তেওঁ আকৌ এখন চিঠি তেতিয়াই শহুৰেকলৈ লিখি পঠিয়ালে যে, যদি অহা সপ্তাহত শহুৰেকে ছোৱালী শান্তি নিদিয়ে, তেন্তে তেওঁৰ মক্কেলে, অৰ্থাৎ তেৱেঁই নিশ্চয় নিশ্চয় সেই ছোৱালী পৰিত্যাগ কৰিব। আৰু যদিহে শহৰেকে পইচাৰ অভাৱত জীয়েকক শান্তি দিবলৈ পিচ হুহকিছে তেন্তে তেওঁ জীয়েকক এনেই পঠিয়াই দিব পাৰে। শহুৰেকে সেই চিঠি পাই কান্দিকাটি পিচ দিনা জীয়েকক দোলা এখনত তুলি লগত ওচৰ চুবুৰীয়া তিৰুতা মানুহ এজনী দি, লোটা বাটি কাঁহী কলহ গোটাচেৰেকে সৈতে জোৱায়েকৰ ঘৰলৈ পঠিয়াই দিলে; আৰু সেই দিনাই তেওঁৰ ভাত চৰুটো পেলাই দি সকলোকে কৈ দিলে যে তেওঁৰ জীয়েক-জোৱায়েক জহনিত গল!