এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪]
একাদশী উপবাস, উজাগৰ পক্ষ মাস,
হৰি বিনে আন নাহি দেৱ।
যত প্ৰজা নিৰন্তৰে, পাতকৰ ডৰে মৰে,
দ্বিতী ভাৰ্য্যা নাবিহায় কেৱ॥
নৃপতিক আদি কৰি, ঘৰে ঘৰে হৰি হৰি,
স্ত্ৰী পুৰুষৰ শুনি ৰোল।
হৰিতপ হৰিধ্যান, হৰিসে পৰম,জ্ঞান,
আনকিছু নাহি মাত বোল॥
শয়নে ভোজনে স্নানে, দিনে ৰাতি হৰিধ্যানে,
হৰি হৰি পৰম যে জ্ঞান।
আয়ুৰ শতেক সীমা, শৰীৰ পৰিল যেবে
বিষ্ণুপুৰি চলে বিদ্যমান॥
হেন নগৰৰ মাজে, হংসধ্বজ ৰাজা আছে
বীৰগণ অগ্ৰে যাক গণি।
অনেক নৃপতিগণে, যোগাৱয় কৰ ভাৰ,
ৰাজা ৰাজ্যেশ্বৰ শিৰোমণি॥
ভ্ৰাতৃ পুত্ৰ নাতি সমে, ত্ৰিভুবন ৰণে জিনে,
হৰি বিনে নজানন্ত আন।
হৰি সে পৰমতত্ব, হৰি বিনে নাহি আত,
হৰি নৃপতিৰ হৃদিসম
শুনিয়োক সৰ্ব্বজনে, আনকথা তেজিমনে
আক জানি এৰা আন কাম॥