পৃষ্ঠা:সুধন্বাবধ পৰ্ব্ব.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩]


কামদেৱ আদি কৰি, সবে বুদ্ধিমন্ত বীৰ,
আনো বীৰগণ অসংখ্যাত॥
ভদ্ৰাৱতী পুৰীখান, দেখিলেক বিদ্যমান,
কি কহিবো তাহাৰ মহিমা।
সুবৰ্ণ ৰজত হীৰা, প্ৰৱাল মুকু্তা ৰত্ন,
মাণিকৰ নাহিকয় সীমা॥
সৰোবৰে ৰাজ ঘাট, হাটিৱাৰি ৰাজ বাট,
ঠাই ঠাই পসাৰ সমাৰ।
বলিয়া পটিয়া তেলি, সূতাৰ কমাৰ মালী,
আনো প্ৰজা আছে বহুতৰ॥
গঢ় প্ৰাঞ্চি বহুতৰ, শিলাচয় কৰি দূৰ,
বান্ধি আছে দেখি বিদ্যমান।
দুৱাৰত সিংহধ্বজ, ঐৰাৱত সমগজ,
ৰথ চলে বায়ুৰ সমান॥
সুন্দৰী যুবতী নাৰী, বৃদ্ধকো মোহিতে পাৰি,
অলঙ্কাৰে সুমণ্ডিত গাৱ।
স্তন যৌবনৰ ভাৰ, উফৰি পৰিব ডৰে,
ধীৰ ধীৰ কৰি কাটে পাৱ॥
সুন্দৰ পুৰুষগণ, বিদ গদ সুশোভন,
ৰূপে কামদেৱ, সমতুল।
স্বভাৱ কঠিন কৰ, অস্ত্ৰে শস্ত্ৰে ভয়ঙ্কৰ,
শিৰে ধৰি নিৰ্ম্মাল্য যে ফুল॥