পৃষ্ঠা:সীতা হৰণ.djvu/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতা হৰণ নাটক


বহা সাজিলেহি! এই বাটেই সদায় আহ যাহ কৰোঁ পিছে এদিনো দেখা নায়। কোনোবা পহুমৰিয়াৰ হে পজা হ’বলা, নহলেনো এই ৰাক্ষসৰ বনত কোনে বহা সাজি মৰিবলৈ আহিব?   (জুমি জুমি চাই)
এ’ আই! বহাৰ মূখত দেখোন মটা দুটাই তিৰোতা এজনীয়ে বহি আছে! এনেকুৱা শুৱনি মটা তিৰোতা ময় কাহানিও দেখা নায়! কোনোবা দেৱতাহে হ’ব পাই। উস্! চাইছো মানে দেখোন হেপাহ বাঢ়িহে গৈছে! কিঔ! এই কেটানো ক’ৰ পৰা আহিছে? ইয়াৰ এজনক যদি মোৰ গৰাকী কৰি ল’ব পাৰোঁ তেনেহলে মোকনো আৰু কি লাগিছে? আগেয়ে ভাবিছিলো বোলো মোতকৈ ৰূপৱতী তিৰোতা আন নাই, পিছে আজিহে দেখিলোঁ; এই জনী মোত কৈও একাছি চৰা! যিহক, এই দুজনৰ এজনকে ময় বৰিবই লাগিব। নহলে মোৰ জীৱনতে কাম নায় পিছে সেই মাইকী জনীৰ পৰাহে অলপ দিগ্‌দাৰ হয়নে কি? কিনো হ’ব? তেনে কিবা আহুকাল হোৱা দেখিলে চোন তাইক গুৰি দাঁতত দি চোবায়ে থ’ম? লালুকিলৈ তপত পানী লাগিচেনে? কিন্তু এইটো ৰূপেৰে যে গৈ সিহঁতৰ মনত সোমাব পাৰিম