পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় বাৰৰ বক্তব্য।

 মহামান্য ডাইৰেক্টৰ চাহাব বাহাদুৰে এই সাহিত্য ভাগ যোবা বছৰ পাঠ্য লিষ্টিভুক্ত কৰাত তেখেতৰ প্ৰতি ধন্যবাদ জানোৱা হল।

 এই সাহিত্য ভাগ ৭ম মান শ্ৰেণীৰ বাবে মঞ্জুৰ কৰা দেখি “সাহিত্য ৬ষ্ঠ ভাগ” নাম পৰিবৰ্ত্তন কৰি “সাহিত্য ৭ম ভাগ” থোৱা হল।

 এইবাৰ পুথিখনিৰ পাঠবোৰৰ ক্ৰম অলপ সলনি কৰা হল; আৰু কেইটামান কোমল পাঠ ইয়াৰপৰা নি ৬ষ্ঠ ভাগ সাহিত্যত দিয়া হল। এই কাৰ্য্যত পুথিৰ আকাৰ আগতকৈ অলপ সৰু হোৱা দেখি তাৰ মূল্য দুই অনা কম কৰা হল।

 পাঠকৰ তৃপ্তিৰ অৰ্থে এই সংস্কৰণত কেইখন মানচিত্ৰ দিয়া হল; আৰু পুথিখনৰ শেষত “পৰিশিষ্ট” নাম দি পুথিত ব্যৱহাৰ কৰা কঠিন শব্দ আৰু বাক্যাংশত অৰ্থ আৰু বিশিষ্ট পুৰুষৰ পৰিচয় দিয়া হল।

যোৰহাট
২৮ এপ্ৰিল, ১৯২৯ চন।
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা