পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিবেদন।

 যোৱা ১৯। ৪। ২৮ তাৰিখৰ শিক্ষা-বিভাগৰ জাননী মতে ইংৰাজী আৰু অসমীয়া স্কুলৰ ৬ষ্ঠ মান শ্ৰেণীৰ পাঠোপযোগী কৰি এই “সাহিত্য”খনি যুগুত কৰা হল। ইয়াৰ ভিতৰৰ কিছুমান প্ৰবন্ধ আমাৰ “সাহিত্য পাঠ” নামৰ পুথিৰ, বাকীখিনি নতুনকৈ লিখা আৰু সংগ্ৰহ কৰা।

 আসাম উপত্যকাৰ পুথি-বছা সভাই ৬ষ্ঠ মান শ্ৰেণীৰ বাৰে যিবোৰ পদ্য বাছি দিছে, সেইবোৰ এই সাহিত্যৰ ভিতৰত দিয়া হৈছে।

 গদ্য আৰু পদ্য ৰচকসকলে সিবিলাকৰ মূল্যবান্‌ ৰচনা আমাক গ্ৰহণ কৰিবলৈ অনুমতি দিয়াত আমি নথৈ আনন্দ পাইছোঁ; সিসকলে অনুগ্ৰহ কবি অনুমতি নিদিলে আমি ইমান কম সময়ৰ ভিতৰত এই কাম কৰিবলৈ সমৰ্থ নহলোঁহেতেন। সেই কাৰণে সিবিলাকৰ দয়া আৰু উদাৰতাক অশেষ ধন্যবাদ দি আমাৰ কৃতজ্ঞতা জনালোঁ।

 এই পুথিখনি ছাপাখানালৈ পাঠোৱার আগতে শ্ৰদ্ধাস্পদ পণ্ডিত শ্ৰীযুত উমাকান্ত মিশ্ৰ ব্যাকৰণতীৰ্থ মহাশয়ে এবাৰ চকু ফুৰাই চাই দিছিল। আৰু আমাৰ নৰ্ম্মালস্কুলৰ এঃ চুপাৰিণ্টেডেণ্ট শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত মুক্তালাল কাঠবৰুৱা মহাশয়ে নানা প্ৰকাৰে আমাক উৎসাহ দিছিল, সেই কাৰণে এই দুইজনা সদাশয় পুৰুষকো আমি অশেষ ধন্যবাদ জনালোঁ।

১লা ভাদ্ৰ—শুক্লা দ্বিতীয়া
১৮৫০ শক। যোৰহাট
বিনীত
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা