পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। o —নাইব।—তলত আঁচটনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা- (২) (2) নাওত আহিছে।—কৰণ কাৰকত (যান-বাহনত) ৩য়া বিভক্তি। গছৰ পৰ৷ নৈখন দেখি।—অসমাপিকা ক্ৰিয়া (উঠি) উহ্য থক। কাৰণে অধি- কৰণত ৫ মী' বিভক্তি। (৩) মগনীয়াক পইচা দিয়া — সম্প্ৰদানত ধী বিভক্তি। (৪) মাকে তাক মাৰিলে।—কৰ্ম্ম কাৰকত ২য়৷ বিভক্তি। (৫) সি কিয় কান্দিছে। কৰ্ত্ত। কাৰকত ১মা বিভক্তি। (খ) তলত দিয়া বাক্য দুটাৰ যেই সেই এটাৰ প্ৰত্যেক পদৰ অন্বয় কৰা— (১) ক’লা গৰুটো ভালকৈ ৰাখিবা। (২) শিক্ষকে দুষ্ট ল’ৰাটোক মাৰিছে। তলত দিয়া শব্দ বোৰৰ যেই সেই ৫টা লগাই একোটা বাক্য ৰচনা কৰা- ৫X২=১০ ১। হাত-লৰ—হাত-লৰ মানুহে লোকৰ বস্তু চুৰ কৰি বিপদত পৰে। ২। আমন-জিমন--লগৰীয়া বিলাকে খেলিব নিদিয়াত সি আমন-জিমনকৈ বহি আছে। ৩৷ দিহিঙে-দিগন্তে— ধন লাভৰ আশাতেই মানুহে দিহিঙে- দিগন্তে ঘূৰি ফুৰে। ৪। পেটে ভাতে খা—এলেহুৱ। মানুহে পেটে ভাতে খাই থকাও টান হৈ পৰে। ৫। মূৰ ডাঙি উঠ—পুতেক দুটা আৰ্জনীয়া হোৱাত মনুৰ ঘৰ খনে মূৰ ডাঙি উঠিছে। ৬া চকুত লগা — তাৰ চকুত লগা ছোৱালী জনী চাওঁ মানে হেঁপাহ নপলায়। ৭। থিতাতে—সাতুৰিব নাজানিলে দ পানীত পৰ৷ মানুহৰ থিতাতে মৰণ। ~ CI tr ১৯৫২-ওখ খাপ। ১৷ তলত নাম দিয়া কবিতা কেইটাৰ যেই সেই এটাৰ পৰা একে লানিয়ে ৮ শাৰি মুখস্থ লিখা – সোণামুৱা, মুখ', জনমভূমি। ॥ তলত নাম দিয়া যেই সেই এটা কবিতাৰ সাৰাংশ লিখা - ১২ সুখীলোক, ধুলি-কণা মই। প্ৰসঙ্গ উল্লেখ কৰি তলত দিয়৷ গদ্য ভাগৰ পৰা দোছোৱা আৰু পদ্য ভাগৰ পৰা দো-ছাৱা ব্যাখ্যা কৰা- 9×4 = ২৮ গদ্য ভাগ-(খ) তেওঁৰ সত্য জীৱন কাহিনীয়ে ---------চেৰ পেলাইছে।—