পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। বেঞ্জামিন ফ্ৰেঙ্কলিনৰ নোট চোৱা। (গ) লাখ লাখ বছৰৰ সাঁচতীয়া..... ফাটেকত জীৱ-জন্তুৰ সঙ্গ পাঠৰ নোট চোৱ৷।

                • ..

............যেন প্ৰবোধহে দিছিল।— (ঘ) আমি যাক সৰু বুলি............ভিতৰতো বিৰল — গোপীনাথ হ্ৰদলৈ দেৱৰ বন্দী জীৱনৰ এটি স্মৃতি নামক প্ৰৱন্ধত এই কথাষাৰ আছে 1 প্ৰৱন্ধত কমল মিৰিৰ দুখ লগা স্মৃতিটোকে বৰ্ণাই তেওঁৰ সদ্‌গুণ খিনি ফুটাই তুলিছে। সাধাৰণতে মানুহে নীচ বুলি সৰু বুলি ঘিণ কৰ৷ জাতি বিলাকৰ ভিতৰতো যে গুণবান মানুহ থাকিব পাৰে, সেইতো ভাবিব নোৱাৰে। প্ৰকৃততে সেইটো নহয়। যি দৰে ঘিণ লগা বোকাতেই পদুম ফুল থাকে, সেইদৰে তেনে জাতিবিলাকৰ মাজতো বহু সদগুণ থক। লোক থাকে। তেনে মানুহ হয়তো বহু উচ্চ জাতিৰ ভিতৰতে৷ পাবলৈ টান। পদ্যভাগ—(ক) তোমাৰ ই ধূণি বালি...........তীৰ্থৰ প্ৰভাস- জনমভূমি পদ্যৰ নোট চোৱা। (খ) মন শুচি হয়... কৰ্ম্ম আচৰিলে মানে- শুচি পদ্যৰ নোট চোৱা। (গ) ভস্মীভূত (সৰ্ব্বভুক্ বখা) ··হুইব অমধু।—৺ভোলানাথ দাসৰ সীতা হৰণ কাব্যৰ ‘জন্মভূমিৰ ওচৰত মাৰীচৰ বিদায়’ অংশত এইখিনি আছে। মাৰীচে অনিচ্ছাৰেও ৰাৱণৰ লগত সীতাহৰণ কৰিবলৈ যাওঁতে ৰথৰ পৰা সুদূৰ সাগৰৰ মাজত থকা তাৰ জন্মভূমি লঙ্ক৷ চকুত পৰাত লঙ্কাৰ গুণ বিশেষত্ব বৰ্ণাইছে; আৰু ৰাৱণৰ সাঁতাহৰণৰ ফলত ৰামৰ হাতত লঙ্কা যে ধ্বংস হব তাক জানি মনৰ্তে বেজাৰ কৰিছে। লঙ্কাৰ মধুবনত দেৱতায়ো খাবলৈ হেঁপাহ কৰা অমৃত তুল্য ফল ফলে। হাজাৰ হাজাৰ প্ৰহৰী থকা হেতু ভয়তে তাত পথীও সোমাব নোৱাৰে। অথচ সেই হেন মধুবনে| সৰ্ব্বভুক্ অগ্নিয়ে পোৰাৰ দৰে ৰামৰ খং জুয়ে পুৰি ছাই কৰি পেলাব। তেতিয়া মধুবনে মধু নাম এৰি অমধু নাম লব। 1 ৪৷ তলত দিয়া প্ৰশ্ন কেইটাৰ যেই সেই দুটাৰ উত্তৰ দিয়।—10X==২° (ক) প্ৰতিজ্ঞাৰ উজ্জ্বল পটন্তৰ অমাত জন্তুৰ ভিতৰত সততে দেখিবলৈ