পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। (ঙ) নৰনাৰায়ন্ত্ৰ ৰাজ্য ৰাম ৰাজ্যৰ নিচিনা হ'ল। —এই কথাখিনি নৰনাৰায়ণৰ ৰাজসভা প্ৰৱন্ধত আছে। মহাৰাজ নৰনাৰায়ণে যুদ্ধ বিগ্ৰহ শেষ হৈ যোৱাত প্ৰজাসকলৰ সুখ শান্তিত মন দিলে। নিজৰ দেশৰ আৰু আন দেশৰা পণ্ডিত আৰু ব্ৰাহ্মণ অনাই তেওঁলোকক জ্ঞান- বিদ্যাৰ চৰ্চাত ধৰ্ম্ম কৰ্মত নিযুক্ত কৰিলে। প্ৰজাৰ সুখ সুবিধাৰ কাৰণে বাট্‌ পদুলি কৰ৷, আলিব দাঁতিত গছ ৰোৱা, পুখুৰী খনোৱা, দুখীয়া ক মাটি বাৰী দিয়া, আলহী ঘৰ সজা, পড়াশালী পাতি দিয়৷, দৌল দেৱালয় আদি সজোৱা কামত লাগি গ'ল। তাৰ ফলত অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ ৰাজত্ব কালত তাৰ প্ৰজাবিদাকৰ সুখ শান্তি হোৱাদি তেওঁৰ প্ৰজা সকলৰো বৰ সুখ শান্তি হ'ল। কাৰো অভাৱ নাই, অন্যায় উপদ্ৰৱ নাই, বেমাৰ আজাৰ নাই; ধনে ধানে দেশ জয়, জয় ময় ময় হ'ল। সেয়ে তেওঁৰ ৰাজ্য ৰাম ৰাজ্য। " পদ্যাংশ— (খ) নাই কোনো ধৰ্ম্ম.. ....পূজা হয় দেৱতাৰ এই ছোৱা পদ্যাংশ ৱ যুগ পদ্যত আছে। নৱ যুগ পদ্যত কখিয়ে ভাৰত বাসীক জগতৰ এই নতুন উন্নতিৰ যুগত আগুৱাই যাবৰ কাৰণে উৎসাহ উপদেশ দি মাতিছে। তাকে কৰিব লাগিলে ভাৰতৰ ভিন ভিন ধৰ্ম্মৰ মাহৰ মাজৰ ভেদ ভাব আঁতৰিব লাগিব। এই ছোৱাত কৈছে যে, ভাৰতৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, শিখ আদি একো বেলেগ ধৰ্ম্ম নহয়, কেৱল ঈশ্বৰক পোৱৰ একো একোটা পথ হে। সকলো মানৱ এক ঈশ্বৰৰে সন্তান; গতিকে এই মানৱ ধৰ্ম্মহে আচল ধৰ্ম্ম। জাতি-ধৰ্ম্মৰ ভেদ-ভাব নাৰাথি, নিজৰ লাভৰ আশা নকৰি এই মানুহক সেৱা পূজা বা উপকাৰ কৰিলে দেৱতাৰ বা ঈশ্বৰৰে পূঙ্গ কৰা হয়, তাতেই ঈশ্বৰ সন্তুষ্ট হয়। 7/(গ) অনন্ত বিশ্বৰ এই....... অকণো হানি নাই।—এই ছোৱা কবিতা ‘ধূলি-কণা মই’ কবিতাত আছে। এই পদ্যত ক'বিয়ে বিশ্ব জগতৰ