পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুখী লোক। তাৰ অঙ্গায় নিচিন্তে, তাৰ কাৰণে মনত অকণো দুখ বেজাৰ নকৰে, নিজৰ বিপদতো কাতৰ নহয়, সম্পদতো অহঙ্কাৰী নহ্, তেওঁ সুখী! (৪) ৰাজনীতি নাজানে আমোদ। - ধিজনে ৰজাৰ ৰাজ্য চলোৱাৰ নীতি নিয়ম একো নেজানে নাভাবে, আনৰ প্ৰশংসা নিচিাৰে, (যাক পালে অহঙ্কাৰী মানুহৰ মনত আনন্দ লাগে) তেওঁ সুখী। ........ (৫) অভ্যুদয় আশায়....... মহাশয়। যিজনে সুখ সৌভাগ্যৰ কাৰণে হেঁপাহ নকৰে, যাৰ মৃত্যুলৈ ভয় নাই, সেই মহাশয়েই দাসত্বৰ শিকটিৰ পৰা মুক্ত, অৰ্থাৎ তেৱেঁ স্বাধীন, তেৱেঁ সুখী। ( ব্যাখ্যাঃ—নহলেও ৰাজ্য পতিধন নাই তাৰ। সুখীলোক’ কবিতাত এই কবিতা ছোৱা আছে। এই কবিতাত কবিয়ে প্ৰকৃত সুখীগেৰ গুণ বৰ্ণনা কৰিছে। এই ছোৱ৷ কবিতাত কৈছে যে, যি জন তেনে গুৰ গৰাকী, তেওঁ ৰাজ্যৰ গৰাকী ৰজা নহব পাৰে, কিন্তু তেওঁ নিজৰ স্বামী বা গৰাকী, সংযমৰ বলেৰে নিজক চলাব পাৰে; ক’তো তেওঁৰ বিপদ আপদ নহয়। তেওঁৰ ধন নাথাকিলেও তেওঁ ধনী; কাৰণ গুণবিলাকেই তেওঁৰ ডাঙৰ ধন। তদুপৰি ধনীৰ দুশ্চিন্তা ভয় তেওঁৰ নাই। অধিক কি ধনীতকৈও তেওঁৰ মান বেছিহে। কহে৷ = কওঁ। ফেটী=সাপ পড়িলে দুখ কষ্ট দিলে। প্ৰসন্ন=সন্তোষ, আনন্দ। উতপাত = অস্থিৰ আকুল। তাহতে = তাত, সৰ্প- মুষিকৰ কথা। মুষিক, মুষ=ইন্দুৰ। আৰ=আৰু। থোৱা জপা। নিৰাহাৰে=নোখোৱাকৈ। - সেই ঠাইত। মহাযতি = সাধু, জ্ঞানী। মিত্ৰৱতি= মিতা, মিতিৰালি। -