পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভেনিচত এভুমুকি

 এভুমুকি =এবাৰ উপস্থিতি বা দৰ্শন। সাদৃস্য= মিল। দিগন্তৰ = দিক্‌+অন্তৰ; দৃষ্টি বলয়ৰ শেষত থকা। গম্বুজ=ওথ ঘৰৰ টিং। কূলস্থ = কূল বা পাৰত থকা। আভ্যস্তৰিক = অভ্যন্তৰ +ঞ্চিক; ভিতৰুৱা। তৱধ = স্তব্ধ, আচৰিত, অবাক। চমকপ্ৰদ = চমক লগোৱা। নিৰীক্ষণ = দেখা, জুমি চোৱা। ক্ষোদিত =শিল আদি খুলি বা কাটি কৰা (বিশেষণ)। ৰঞ্জিত = ৰঙেৰে বোলোৱা। পট=চবি, চিত্ৰ। ব্যৱধান=অন্তৰ, আঁতৰা-আঁতৰি। ইহুদী= মুৰ্ত্তি পূজক এজাতি মানুহ। কিম্বদন্তি=জন-প্ৰবাদ, মানুহৰ মুখে মুখে চলি অহা কাহিনী। ঐশ্বৰ্য্যশালী=ধনী। দৃশ্যৰাজি= দৃশ্য সমূহ। কীৰ্ত্তিকলাপ=কীৰ্ত্তিৰ চিন।

চাবলগীয়া ঘৰ বাৰী আদিঃ—

 (১) চানমাৰ্কো — গীৰ্জাঘৰ, ঘণ্টাঘৰ, মেজিষ্ট্ৰেট দোজৰ কাৰেংঘৰ, হুমুনিয়া দলং বা বিষাদৰ সেতু (২) পালাচ কাভাল্লি—পুৰণি ৰজাৰ মহল (৩) ৰিয়াণ্টো দলং (৪) সোণৰ কাৰেং।

সৰল অৰ্থঃ—

 ১৷ ঘড়ীৰ কাটা দুডাল আগবাঢ়ি গৈ থাকে আৰু ১২০° ডিগ্ৰীৰ এটা কোণ কৰে। ইয়াত লিখকে ৰাতিপুৱা ঠিক ৮ টা বজাকে নিৰ্দ্দেশ কৰিছে।

 ২৷ কিন্তু তাতো এটি ক'লা-বগাৰ অপ্ৰীতিকৰ পাৰ্থক্য দেখা গ'ল। — সাধাৰণতঃ ইউৰোপৰ মানুহবিলাক বগা বা ধেলা আৰু ভাৰতীয় মামুহবিলাক ক’লা। সেই কাৰণেই সিহঁতে ভাৰতীয়ক