পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

 (প্ৰত্যেক বস্তুৰ গাৰ পৰায়ে সদায় এনে এটা শক্তি বিচ্ছুৰিত হৈ আছে যে, সি সদায় পানীত লদিয়াই তুলি দিয়া ঢৌৰ নিচিনাকৈ আকাশ বা ইথাৰত স্পন্দন তুলি থাকে। এই ঢৌ আহি আমাৰ চকু ৰূপ দাপোণত পৰিলেই বস্তুবিলাক চকুত দাপোণৰ দৰে প্ৰতিবিম্বিত হয়; তেতিয়াই আমি বস্তুবোৰ দেখা পাওঁ। এতেকে এই ইথাৰেই আমাৰ বস্তু দেখাৰ মুলীভূত কাৰণ।)

ৰজাদিনীয়া খেল-ধেমালি

 পয়োভৰে = আড়ম্বৰেৰে, জাক জমকেৰে। মৰ্য্যাদা = সন্মান। বিপদ সঙ্কুল = বিপদযুক্ত। গৰাল = চাৰিওফালে বাঁহ বা কাঠৰ খুটিপুতি বেৰ দিয়৷ পিঁজৰা। ধাইল = আঘাতপোৱা, আহত। যথোচিত = যথা + উচিত; উপযুক্ত। বাঘ-ঢকা =এবিধ আঘাত (বাঘ হাতোৰাৰে কৰা)। চমতা = গঁড়ৰ ছালত নাল লগাই গজাল খুচি তাৰে দোষীক দণ্ড দিয়া (কোবোৱা) এবিধ সঁজুলি। তত্বাৱধান = তত্ব বা তদাৰক লোৱা। নিয়তি =নি – যম্+ক্তি; অদৃষ্ট, দৈৱ। নিদ্ৰাবাণ = টোপনিৰ শৰ।

খেল-ধেমালিবোৰঃ—  ১। হাতীযুঁজ ২৷ ম'হ যুঁজ ৩। বাঘে-বাঘে, বাঘে ভালুকে, বৰাই- ধোঙে, ঘঁৰিয়ালে-ঘাঁৰিয়ালে নাইবা। সকলোৰে একেলগে যুঁজ, ৪। ঘোঁৰ দৌৰ আৰু বৰা চিকাৰ ৫। শেন-কনুৱাৰ যুঁজ, কুকুৰা যুঁজ, ম'ৰা চৰাই, মইনা, ভাটৌ আদিৰ যুঁজ ৬। ৰজাৰ হৰিণাদি জন্তু চিকাৰ ৭। মাল যুঁজ ৮। ষাঁড় যুঁজ।