লিখিছা, তেও ভাবটোৰ অন্ত হোৱা নাই, এনে ঠাইত সেই
ভাব সেই ফাঁকিতে শেষ কৰিব নালাগে। শাৰীটোৰ মাজতে
ভাবটো ভাঙ্গি আন এক ভাবে কথা আৰম্ভ কৰিবা। পাচে
সেই কথা আৰু এই কথা মিলাই নি আন এঠাইত শেষ
কৰিব লাগে। এই বিষৰ উদাহৰণ দি আগেয়ে বুজাই দিয়া
হৈছে।
পদ্যত কোনো কথা লিখিব হলে, তাত কথাটো একে বাৰে ভাঙ্গি প্ৰকাশ কৰি লিখিব নালাগে। কথা ভালকৈ লুকাব পাৰিলে কবিতা বৰ ৰসাল হয়। আকাৰে হঙ্গিতে কৰা কৈ ভাবটো, কিছু অস্পষ্ট কৰি থব লাগে, পঢ়োঁতোই যেন চিন্তা কৰিহে সেই ভাব উলিয়াব পাৰে; কেতিয়াবা মন কৰিব পাৰা, যে দুৰৈৰ পৰা সকলো বস্তুকে ভাল দেখি, কাৰণ সিহঁতৰ ঘুণবোৰ দূৰৈৰপৰা দেখা নাযায়; কিন্তু ওচৰলৈ গলে যত যত বেয়া আছে এটাইবোৰ ওলাই পৰে। নক্সা দূৰৈত ধৰিলে ধুনীয়া দেখি, কিন্তু ওচৰৰ পৰা বৰ ভাল দেখা নাযায়। কথাৰো ঠিক তেনেকুৱা। পদ্য লিখোঁতে মানুহে কোনো এটা বাতৰি দিবলৈ নোখোঙ্গে, যি বস্তুটো বৰ্ণোৱা হয় তাৰ ৰূপ বা গূঢ় ভাৱটোহে দেখুৱাবলৈ বিচাৰে। এই দেখি যিমান আকাৰে ইঙ্গিতে কথা কোৱা যায়, সিমান ভাল। কিন্তু, সেই বুলি সাথৰুৱাকৈ কথা লিখিব নালাগে। পাঠকে যেন সহজে তোমাৰ ভাব বুজি যাব পাৰুে এই দৰে পদ্য ৰচনা কৰা উচিত। ভাব লুকাই কথা লিখাৰ উত্তম উদাহৰণ “বিদ্যাসুন্দৰত” পোৱা যায়। মালিনীয়ে যেতিয়া সুন্দৰৰ আগত বিদ্যাৰ ৰূপ বৰ্ণনা কৰে, তেতিয়া তাই ভাব