সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
নবৰস

ভক্তি --- মই অনাথক দয়া, কৰহু পৰমানন্দ
দাস বুলি ধৰিয়া মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
অঙ্গুলী মুখত কৰোঁ,  দান্তে তৃণ তুলি ধৰোঁ
কেশ ছিণ্ডি দিওঁ চৰণত॥
অপৰাধ বিনাশন  তযু নাম নাৰায়ণ
জানি নামে পশিলোঁ শৰণে।
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি,  তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে।
তোমাৰেসে অবিদ্যায়,  আমাক মুহিলে হৰি
নাজানোহো তোমাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি,  শৰণ পশিয়া সাৰ
কৰিলোহোঁ তোমাৰ নামক॥
⸻⸻
অন্ত।