পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাধা কিলাই মানুহ কৰা।

পালে। একে সোহাতে গাধায় সৈতে পণ্ডিতৰ ওচৰ পালেগৈ আৰু হাত জোৰকৈ কলে “দেউতা, মানুহৰ অভাৱত বন্দি নিগমে মৰিলোঁ। দেউতায় গাধ কিলাই মানুহ কৰিব পাৰে বুলি কইছে, অনুগ্ৰহকৈ মোৰ এই গাধটোক যেনেকৈ পাৰে মানুহ কৰি দিয়ক; ইয়াৰ বাবে যি খৰছ লাগে মই দিম।”

 “ধোবায় উপহাস কৰিবৰ মনেৰে আহিছে” বুলি ভাবি প্ৰথমতে পণ্ডিত মহাশয়ৰ খঙ উঠিছিল; কিন্তু তাৰ ভাব গতিক চাই তেওঁ তৎক্ষণাৎ বুজিব পাৰিলে যে সি উপহাস কৰা নাই;—যি কইছে সঁচাসঁচিকৈয়ে কইছে। তেতিয়া তেওঁ ধোবাক কলে “মোৰ আজি কালি আহৰি নাই। মই আৰু আজি কালি সেইবোৰ কৰি ফুৰিব নোৱাৰোঁ। তই ইয়াৰ পৰা যা।” কিন্তু ধোবায় নেৰানেপেৰাকৈ কাকুতি কৰিবলৈ ধৰিলে। তাক কোনোমতে খেদাব নোৱাৰি আৰু লৰবিলাকৰ আগত লঘু পৰিবৰ ভয়ত শেহত পণ্ডিত মহাশয়ে ধোবাক কলে “তই বাৰু এতিয়া যা। দেওবাৰে দুপৰীয়া গাধৈ সৈতে মোৰ ঘৰলৈ আহিবি। তেতিয়া বাৰু চাম।” ধোবায় সেই কথাতে মান্তি হ’ল আৰু “দেওবাৰে মোৰ গাধাক মানুহ কৰিব পাৰিম’’ বুলি ভাবি উৎফুল্ল মনেৰে গুচি গল।

 ইফালে পণ্ডিত মহাশয় কিন্তু বৰ বিবুধিত পৰিল। তেওঁ ভাবিবলৈ ধৰিলে—“কথাষাৰ কই কি আপদত