পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধু কথাৰ জোলোঙা

শক্তিৰ পৰীক্ষা নকৰাকৈ 'বিনাৰণে পৰিহাৰ মাগি’ আগলৈ সদাই “লেছন” শিকি আহিব।” সেই বাবেহে তেওঁ ওপৰত কোৱা কথাষাৰ ঘনে ঘনে চিঞঁৰি চিঞঁৰি ক’ই আছিল হব পায়।

 সি যি কি নহক পণ্ডিতে যি সময়ত স্কুলৰ ভিতৰত এই দৰে তৰ্জ্জন গৰ্জ্জন কৰি আছিল, ঠিক সেই সময়তে ধোবা এটায় তাৰ গাধ এটা ফাটেকৰ পৰা মোকোলাই লই সেইটো বাটেদি আহি স্কুলৰ ওচৰ পাইছিলহি। তাৰ কেবাটাও গাধ আছিল কিন্তু ঈশ্বৰে তাৰ পৰিয়ালটোত মানুহৰ সংখ্যা সৰহকৈ দিয়া নাছিল। অকলসৰিয়া সি কেনি কি কৰিব? কাজেই চম্ভালোঁতা মানুহৰ অভাৱত তাৰ গাধ বোৰৰ এটা নহয় এটায় লোকৰ জগৰ লগাই প্ৰায় দিনে ফাটেক পৰেগৈ। সি ধন ভৰি ভৰি হায়ৰাণ! বিশেষতঃ এই গাধটো যে ফাটেক পৰাত এটাইত্কৈ‌ সাৰ!

 ধোবাটো অলপ অজলমুৱা মানুহ আছিল। সি ডাঠকৈ বিশ্বাস কৰিছিল যে, পণ্ডিত মানুহৰ মুখেদি সঁচাৰ বাহিৰে মিছা কেতিয়াও নোলায়। বিশেষতঃ গাধা ৰখোঁতা মানুহ এটাৰ অভাৱ তাৰ মনত সেই সময়ত বৰকৈ খেলাই আছিল।

 সি অলিবাটৰ পৰা হঠাৎ পণ্ডিতৰ মুখত গাধা কিলাই মানুহ কৰিব পৰাৰ কথা শুনি জানিবা আকাশ খনহে ঢুকি