তিৰোতাবিলাক ৰঙ্গীয়াল আৰু মুকলি-মূৰীয়া। সিহঁতৰ গাত হিতাহিত আৰু
কৰ্ত্তব্য-অকৰ্ত্তব্য বিবেচনা কৰিব পৰা এটা জ্ঞান সদায় থাকে। আন দেশী
সৰু মানুহৰ তিৰোতবিলাকৰ মুখত যেনে অশ্লীল গালি বা মাত-কথা শুনিবলৈ
পোৱা যায়, কোলনীবিলাকৰ মুখত তেনে মাত-কথা শুনিবলৈ পোৱা নেযায়।
ইইঁতে পৰৰ টান মাত অলপো সহিব নোৱৰে আৰু লোককো তেনে মাত
নিদিয়ে। কিন্তু মাঘপৰবত ইহঁতৰ ওপৰত-কোৱা গুণ আৰু আচৰণ বিলাক
সমূলী লোপ পায়। এই পৰবৰ কালত পুতেক-জীয়েকে মাক-বাপেকক,
আৰু মাক বাপেকে, পো জীক অশ্লীল কথাৰে গালি পাৰি আনন্দ অনুভৱ
কৰে। ডেকা ডেকেৰীয়ে কুপ্ৰবৃত্তিৰ বশবৰ্তী হৈ একে বাৰেই পশুৰ নিচিনা
ব্যৱহাৰ কৰে। আৰু বাপেক মাকে নিজ নিজ কন্যাক যৎপৰোনাস্তি
স্বাধীনতা দিয়ে। ডেকা ডেকেৰীৰ ভিতৰত খুব নাচ হয়।
(২) পৰ্ব্বতীয়া নদীত গা ধুবলৈ গৈ মাজে মাজে মানুহ অদৃশ্য হৈ
কলৈ যায় কোনও কব নোৱাৰে; শৱটো পৰ্য্য়ন্ত পোৱা নেয়ায়। প্ৰবাদ
আছে,নদীত ভয়ানক অজগৰ সাপ আছে;সেই সাপে মানুহ,গৰু প্ৰভৃতি
জন্তুবোৰ পানীত নামিলে ধৰি গিলি থয়। প্ৰকৃত পক্ষে এনে নহয়। এই
বিলাক পৰ্ব্বতীয়া নদীৰ ঠায়ে ঠায়ে তললৈ পানী টানি নিয়া গাতৰ দৰে
আছে। তাত যি বস্তুৱেই পৰে তৎক্ষণাৎ তাক তললৈ সোঁতে টানি লৈ যায়।
⸻