পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট


 (১) মাঘ-পৰব কোলৰ এক মহোৎসৱ। বছেৰেকত কোলৰ সাতোটা পৰব বা উৎসৱ হয়; তাৰ ভিতৰত মাঘ-পৰবেই ঘাই। বঙ্গালীৰ ভিতৰত দুৰ্গোৎসৱ যেনেকুৱা, অসমীয়াৰ ভিতৰত বহাগৰ বিহু যেনেকুৱা, কোলৰ ভিতৰত বহাগৰ বিহু যেনেকুৱা, কোলৰ ভিতৰত মাঘপৰব তেনেকুৱা। কোলৰ সকলো পৰবৰ প্ৰধান আৱশ্যকীয় বস্তু হৈছে “হাড়ীয়া” মদ। ভাত ৰান্ধি তাক বাহি কৰি থৈ গেলাই এই মদ প্ৰস্তুত কৰা হয়। এই মদ কৰিব পৰা বিদ্যাটো কোল কামিনীহঁতৰ এটা প্ৰধান আৱশ্যকীয় গুণৰ ভিতৰত। এই মদ কৰাত নিপুণতা দেখুৱাব পাৰিলে কোল ছোৱালীয়ে কাজী নাম পায়।
 মাঘপৰব মাঘ মহীয়া হয়। মাঘত কোলৰ ভড়াল ধানেৰে পূৰ, আৰু মন আমোদেৰে পূৰ হয়। সিহঁতৰ ধাৰণা, মাঘ মাহত মানুহৰ মন কুপ্ৰবৃত্তিতে ইমান উপচি পৰে যে তাক চৰিতাৰ্থ কৰি ক্ষয় নকৰিলে নহয়। এই পৰব তিন দিন হয়। এই তিন দিনত চাকৰে গৰাকীৰ প্ৰতি কৰ্ত্তব্য, লৰা ছোৱালীয়ে মাক বাপেকৰ প্ৰতি কৰ্ত্তব্য, মুনিহ মানুহে ভিৰোতা মানুহৰ প্ৰতি সন্মান, তিৰোতাই স্ত্ৰীসুলভ নম্ৰতা গাম্ভীৰ্য্য় আৰু লাজ সমূলী পাহৰে।
 পৰবৰ আৰম্ভতে কুকুৰা কাটি সিহঁতৰ দেৱতাৰ আগত বলি দিয়া হয়। পলাশ ফুল আৰু পিঠাৰ নৈবিদ্যৰে সৈতে এই বলিদি পুৰহিত বা পুৰোহিতৰ অভাৱত গাৱৰ প্ৰধান মান্যৱন্ত জ্ঞানী বয়সীয়া কোলে প্ৰাৰ্থনা কৰে, অহা বছৰলৈ যেন লৰাছোৱালীৰে সৈতে সিহঁত নিৰাপদ হয়; আৰু যেন বতৰত বৰষুণ আৰু শস্য হয়।
 এনেকৈ, কোলবিলাক শান্ত আৰু গম্ভীৰ প্ৰকৃতিৰ মানুহ। তিৰোতা মানুহৰ প্ৰতি সিহঁতে সদায় শিষ্ট আৰু কোমল ব্যৱহাৰ কৰে।কোল