ফালি পেলাম, আৰু তুমি তোমাৰ কুৰি টকা ৰূপ লৈ ঘৰলৈ গুচি যাবা,
কি বোলা?”
শিৱপ্ৰসাদ-“দিম লেখি, তাত নো কি? তোমাৰ কথা মই
কেতিয়াও নেপেলাওঁ।”
⸻
ষষ্ঠ অধ্যায়
শিৱপ্ৰসাদ-'ভিখৰাজ ককাই, গিৰমিটটো লেখি দিয়া হল; এতিয়া
মোক টকা কেইটা দিয়া ঘৰলৈ গুচি যাওঁগৈ।”
ভিখৰাজ—“কিহৰ টকা।”
শিৱপ্ৰসাদ--“মোক দিব খোজা কুৰিটকা ৰূপ।”
ভিখৰাজ—(চকু ৰঙাকৈ) “তই মোক কেচুৱা লৰা পাইছিলি হবলা।
বুঢ়াৰ হাতত চেঙেলি পৰিছ বুলি বুজকে পোৱা নাই। ঘৈণীয়েৰক বেচি
টকা লৈ মোৰ হাতৰপৰা তই সাৰি যাবলৈ আহিছ।”
এই বুলি ভিখৰাজে ডিপোৰ বৰকন্দাজৰ হাতত শিৱ প্ৰসাদ আৰু
লচিমীয়াক গটাই দি এগ্ৰিমেন্ট দুখন লৈ ডিপোৰ চাহাবক দি টুপ্ কৰে
নাইকিয়া হল। শিৱ প্ৰসাদৰ মুখ চুণ-দিয়া জোকৰ মুখ যেন হল।
লচিমীয়াই তেতিয়াহে সকলো চক্ৰান্ত বুজিব পাৰি মুৰে কপালে হাত
দি কান্দিবলৈ ধৰিল।
“কোটাৰ ঘৰৰ কুটী, লোকলৈ বুলি হুল পুতি, আপুনি মৰে ফুটি।”
⸻