পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰতনমুণ্ডা

প্ৰথম অধ্যায়

 মাঘপৰবলৈ (১) মাজতে তিন দিন আছে। কমিনী, জুনজুনী আৰু বুধুনীকে আদি কৰি লগৰীয়া ছোৱালী এটাইবোৰে নিজৰ অলঙ্কাৰপতি উলিয়াই মেলি জাৰি-জোকাৰি ঠিক কৰিছে; জুমুৰীয়ে সেই কামত হাত দিয়া নাই। নিদিয়াৰ কাৰণ আছে। তাইৰ ভৰিৰ অলঙ্কাৰ ক’ত? লগৰ ছোৱালীয়ে নেপুৰ-পিন্ধা ভৰিৰে নাচিব, আৰু তাই কোনটো লাজেৰে শুদা ভৰিৰে সিহঁতৰ লগত নাচিবলৈ যাব? “মহা ভাবনা” বুলি যে সংসাৰত এডোখৰ মহামস্কিল পলবোকা আছে, হাতী পৰাদি জুমুৰি তাতে পৰি গল। এই ভাবনাচিন্তাই জুমুৰীৰ ৰাতি টোপনি খেদিলে। “নেপুৰ এজোৰ কিনি দে” বুলি বাপেকক কবলৈকো, কোনখন মুখেৰে তাই সাহ কৰি সেই কথা কয়? তাইতো অবুজন ছোৱলী নহয়। চকুৰ আগতে সিদিনা তাই দেখিছিল, ৰজাৰ খাজনা ছমাহ দিব নোৱাৰি টেকেলাৰ হাতত বাপেকৰ কি লঘু-লাঞ্চনা ঘটিছিল! এনেস্থলত বাপেকক টকাৰ নিমিত্তে আমনি কৰি কন্দুৱাটো জুমুৰীৰ পক্ষে সম্ভৱ নে?দুখৰ কথা ভাবি জুমুৰী আমন-জিমনকৈ বহি আছে, এনেতে জুনজুনী সখিৰ হাঁহি-মুখে এটা কোল গীত ওঠততুলি লৈ, ডাৱৰৰ মাজৰপৰা জোনে ভুমুকি মৰাদি ভুমুকি মাৰিলেহি। গীতটো আমাৰ ভাষালৈ ভাঙ্গিলে এনেটো হয়ঃ -

গছৰ চৰাই জোৰ ভূৰুঙাই উৰিল?
ঘৰত নাই থাকিবৰ মন।
মাঘৰ পৰব সখি নাচি আহিল :
মোৰেনো লগৰীয়া কোন?