পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জয়ন্তী

প্ৰথম অধ্যায়

 জয়ন্তী ডাঙৰ মানুহৰ জিয়াৰী, ডাঙৰ মানুহৰ ঘৈণী; সৰুত বাপেকৰ ঘৰত সুখত উঠা, আৰু ডাঙৰত গিৰিয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা। দৈন্য-দৈত্য়ৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শহুৰৰ ঘৰৰ তেওঁ অনুভৱ কৰা নাছিল। কিন্তু সেই বুলি আন আন ডাঙৰ মানুহৰ জিয়াৰী বোৱাৰীৰ নিচিনাকৈ আলাসৰ লাড়ু- টাৰ দৰে নিস্কৰ্ম্মা হৈ সাজ-পাৰ, মেল-দোৱান, আৰু আহাৰ-নিদ্ৰাদিতে মাথোন কাল কটাই ৰংপুৰৰ এই সম্ভ্ৰান্ত ধনী বামুণৰ জিয়াৰী ডাঙৰ দীঘল হোৱা নাছিল। বাপেকৰ ঘৰতে গুণৱতী মাকৰ যতন আৰু শিকনিত ভবিষ্যত ঘৰুৱা জীৱনৰ প্ৰায় সকলো আৱশ্যকীয় কামত জয়ন্তী সুশিক্ষিত হৈ উঠিছিল। আসামৰ ভাল মানুহৰ ঘৰৰ জিয়ৰীয়ে যিবিলাক বিদ্যাত পাৰ্গতালি লাভ কৰা উচিত, জয়ন্তী আইদেউৰ সেই বিলাক একো বাকী নাছিল। “টিক বলধা ওলাই মাটি, মাক ভালে জীয়েক জাতি”, জ্ঞানী ডাকৰ এই বচনটিয়ে জয়ন্তীত সাৰ্থকতা লাভ কৰিছিল। তেওঁ গুনৱতী, শিপিনী মাকৰ আৰ্হিত গঢ় লৈ আপোন গুণেৰে ৰংপুৰ নগৰ পোহৰ কৰিছিল। কোনোবাই যদি সোধে, ৰংপুৰৰ ভিতৰত ভাল কাপোৰ বয় কেনে? উত্তৰ দিব লাগিব, জয়ন্তী আইদেৱে। ভাল পাৰি দিয়া কাপোৰ কাৰ তাঁতৰ পৰা ওলায়? কব লাগিব জয়ন্তীৰ। বিয়াই সবাহে সুললিত মাতেৰে সকলোতকৈ সুৱলাকৈ কোনে -