এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পুত্ৰৱান পিতা
পাৰিলে, মোৰ জীৱনৰ শেহ আশা পূৰ হয়। ষ্টেচনতে এজন ভাল মানুহৰ
মুখে আপোনাৰ বাতৰি পাই, ইয়াৰ পৰা কাশীলৈ যাবলৈ খৰচৰ
নিমিত্তে পাইটো-পয়চাটো মাগিবলৈ আহিছিলো। যাক মই ইহকালৰ
সাৰ বস্তু বুলি ভাবি বুকুত বান্ধি আছিলো সেই পোহঁতেই যেতিয়া
মোক কেলেহুৱা কুকুৰৰ নিচিনাকৈ খেদি দিলে, আৰু এনে দুষ্ট
সংসাৰত মোৰ জীয়াই থকাৰ সকাম কি?”
এই বুলি বুঢ়াই মুচ্কচ্, গৈ মাটিত বাগৰি পৰিল। মূৰত তেল-পানী আৰু বিছনিৰ বা দিয়াত অলপ বেলিৰ মূৰত তেওঁৰ চেতনা আহিল , বুঢ়া ভালেমান সুস্থ হল। কিন্তু সেই নিশাই তেওঁৰ ঘু-ঘুয়া জ্বৰ হৈ পিচদিনা সাত বজাৰ সময়ত সেই পুত্ৰৱান পিতাই এই নিষ্ঠুৰ পৃথিবীৰ সকলো দুখ-যন্ত্ৰণা ভৰিৰে ঠেলি পেলাই জগৎপিতাৰ আনন্দ কোলালৈ শুচি গল। আমি তেওঁৰ শৱটীৰ সৎকাৰাদি যথা নিয়মে সমাধা কৰিলো।
⸻