পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আমালৈ নাপাহৰিব


  ছোৱালী – “এৰা মই অসমীয়া মোৰ লগত কোনো নাই। আপুনিনো কোন? আপুনিও আমাৰ দেশৰে মানুহ নে কি?”

  *   *   *   *


তৃতীয় অধ্যায়

 ছোৱালী- মোৰ দুখৰ বাতৰি দেউতা, কি শুনিব কি কম। আমাৰ ঘৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ গাঁৱত। মোৰ আই বাঁৰী। মই বাঁৰী আইৰ একেজনী ছোৱালী। বোপাই সৰুতে মৰিল। মোৰ বোপাইক দেখা মনত নপৰে। সৰুৰে পৰা আয়ে মোক বুকুত বান্ধি লৈ চৰাই পোৱালিক টোপ খুৱাদি খুৱাই ডাঙৰ-দীঘল কৰিলে। যোৱা বহাগ মাহত মোক আয়ে বিয়া দি জোৱাঁয়েকক পো বুলি ঘৰতে ৰাখিছিল। দুমাহ এই দৰে আমি আইৰ পাখিৰ তলতে আছিলো। পাছে “তেওঁ” শহুৰ শাশুক এবাৰ চাব লাগে বুলি আইক কৈ মোক লৈ কিছুমান দিনৰ মূৰত পানীয়ে বামে আহি এই খিনি পালেহি। এতিয়া শুনিছোঁঁ বোলে এই খন বঙ্গালৰ দেশ, কিবা হেনো কলিকতা! “তেওঁৰ” ঘৰ ইয়াৰ ওচৰতে হেনো কেনিবা। আগেয়ে “তেওঁৰ” ঘৰ বঙ্গালৰ দেশৰ ওচৰত বুলি জনাহেঁতেন আয়ে মোক নপঠিয়াই। “তেওঁ” ওচৰতে বুলি কৈছিল। ইয়াতো তিনি চাৰি দিনমান থাকি “তেওঁ” মোক এদিন কলে বোলে “মই নগৰৰ পৰা কিবা অলপমান বস্তু কিনি লৈ আহোঁ, আই-বোপাইৰ ওচৰলৈ শুদাহাতে যোৱাটো বেয়াা; তুমি ইয়াতে থাকাঁ, মই গধূলিকৈ আহি তোমাক আমাৰ ঘৰলৈ লৈ যামহি।” মোক অকলৈ ইয়াতে এৰি থৈ যাব শুনি মই ভয়ত কান্দিবলৈ ধৰিলো! মোৰ কান্দোন শুনি এই ঘৰৰ বাবু এজন আহি মোক ভয় নকৰিলৈ কৈ ভালেমান বাং-বাং বিং-বিং কৈ কিবাকিবি বুলিলে।