“তেওঁ” গুচি গল। যাবৰ সময়ত তেওঁৰ ভৰিত দীঘল দি পৰি কলো;
“সোনকালে উভতি আহিব, মোৰ অকলৈ থাকিবলৈ বৰ ভয়
লাগে :” -কিন্তু আজি পোন্ধৰ দিন হল, “তেওঁ” আৰু উভতি নাহিল।
নিতৌ বাটলৈ চাই থাকোঁ, “তেওঁক” আৰু দেখা নাপাওঁ। গোসাঁয়ে জানে
তেওঁৰ কি অথান্তৰ মিলিল। নহলে “তেওঁ” কেতিয়াও নহাকৈ
নাথাকিল লহেঁতেন।তেওঁ যোৱাৰ দিনৰে পৰা এই ঘৰৰ বাবু জনে আৰু
আন আন মানুহে নানা বেয়া কথা কৈ মোক অপমান কৰিছে। আজি
শুনিছোঁ বোলে মোক হেনো অলপতে ধেঙৰ কুলি কৰি কোনোবা সাত
সাগৰৰ পাৰলৈ পঠিয়াব।মই আৰু “তেওঁক” দেখিবলৈ নেপাওঁ। মোৰ
আইক দেখিবলৈ নেপাওঁ। মোৰ অবিহনে মোৰ আইৰ কি গতি হব।
তাহানি আইৰ মূখে সাধু-কথাত শুনিছিলো বোলে চিলনী-জীয়েকে দুখ
পালে মাকক “আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে
পৰে,” এই বুলি বিনাই মাতিলে মাক ক্ষন্তেকতে আগতে পৰেহি। কথাটো
শুনি মই মোৰ আইক সুধিছিলো “আই, আগলৈ মই দুখত পৰিলে তোক
এই দৰে মাতিলে তই মোৰ আগতে আহি পৰিবিহি নে? আয়ে কৈছিল
“পৰিম তো মোৰ আইকণ তোৰ আগতে,তই দুখত পৰি মাতিলে।”
আজি সেই দেখি চিলনী-জীয়েকৰ দৰে ময়ো বিনাই আইক মাতিছিলো
এই দুখৰ কালত। আইৰ বদলি আপুনি মোৰ আগতে পৰিলহি, আপুনি
মোৰ ঈশ্বৰ। নিশ্চয় আপোনাক মোৰ আয়ে মোৰ বিননি শুনি মোৰ
ওচৰলৈ পঠিয়াই দিছে। দেউতা ঈশ্বৰ মোক উদ্ধাৰ কৰক। মোক মোৰ
আইৰ হাতত পাৰে যদি পেলাই দিয়ক মোৰ দেউতা।
এই কেষাৰ কথা কৈয়ে ছোৱালী জনীয়ে উচুপি উচুপি কান্দিবলৈ
ধৰিলে। মোৰও শুকান চকুত ঢল আহিল।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধু-কথাৰ কুকি