পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাধু-কথাৰ কুকি


বুঢ়া বয়সৰ বুঢ়া টেকেলাক ভেটি দি, তেওঁৰ ওপৰত “চমন জাৰি নকৰি বলৈ খাটি, মুখত এমোকোৰা হাঁহি লৈ ডেকালি কৈ ফুৰিবলৈ ধৰিলে। ন ঘৈণীয়েকক দিনৌ কি কি ন উপায়েৰে তেওঁ সন্তুষ্ট কৰিব, তাৰ ভাৱনা-চিন্তাতে তেওঁৰ সময় নিযুক্ত হল।

⸻০⸻

চতুৰ্থ অধ্যায়

 ভাল মানুহৰ সমাজৰ পৰা নাম কটাই, পশুপতিয়ে সিন্ধি-দিয়া সকলৰ সমাজত নাম লেখাই সিন্ধি-দিয়া ব্যৱসায় বেগেৰে চলাবলৈ ধৰিলে। আজি অমুকৰ ঘৰত সিন্ধি-দিয়া বাতৰি, কাইলৈ তমুকৰ ঘৰত সিন্ধি-দিয়া বাতৰিত নগৰ তোলপাৰ লাগিল। চোৰ কোন? চোৰৰ চৰ্দ্দাৰ কোন? চোৰ পশুপতি। চোৰৰ চৰ্দ্দাৰ পশুপতি।

 মৰ আউসী। ৰাতি দুপৰ। লোকেশ্বৰ বৰুৱাৰ দুই নাকত বাজে গোতেই জগৎ নিমাত-নিতাল! এনে সময়ত বৰুৱাৰ শোৱনী ঘৰৰ বেৰত টক্-টক্-টক্ তিনটা টোকৰ পৰিল। ক্ষন্তেকৰ পিছতে শোৱনি ঘৰৰ দুৱাৰ মুকলি হল আৰু এজনী তিৰোতা মানুহ ভিতৰৰ পৰা ওলাই গৈ বাহিৰত থিয় হৈ থকা আন এটা মানুহৰ ডিঙিত সাবট মাৰি ধৰি সুধিলে, “তুমি আহিল। বাট চাওঁতে চাওঁছে মোৰ আমনি লাগিছিল। তুমি আজি ইমান পলম কৰিলা কিয়?”

 বাহিৰৰ মানুহটোৱে কলে, “পলম হোৱাৰ অৱশ্যে কাৰণ আছে | মই শুনিলো তোৰ গিৰিয়েৰ হেনো নগাৱঁলৈ বদলি হৈছে; আৰু ৬|৭ দিনৰ ভিতৰতে সি তোক লৈ হেনো নগাৱঁলৈ যাব; সঁচানে?

 সঁচা।

 নকলেও হব যে ভিতৰৰ পৰা দুৱাৰ মেলি ওলাই যোৱা তিৰোতা মানুহজনী লোকেশ্বৰ বৰুৱাৰ ন ঘৈণীয়েক।