পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চোৰ


তৃতীয় অধ্যায়

 খৰালি ব্ৰহ্মপুত্ৰত বালিৰ এনে একোটা ডাঙৰ চাপৰি পৰে, যে তাক দেখিলে কাৰ তেতিয়া বিশ্বাস কৰিবৰ মন যায়, যে বাৰিষা সেই চাপৰি, পানীত লােণ নাইকিয়া হােৱাদি চকুৰ পচাৰতে নাইকিয়া হব ? লােকেশ্বৰ বৰুৱাৰ মনত, তিৰােতাৰ শোক আৰু দ্বিতীয় বাৰ বিয়া নক- ৰিবৰ প্ৰতিজ্ঞাস্বৰূপ যি দুটা বালিৰ বৰ চাপৰি পৰিছিল, শোকৰ খৰালি গৈ আনন্দৰ বাৰিষা অহিলত সি ভৰ সোঁতত কোনোবা কৰবালৈ উটি গল। ইন্দুমতী ঢুকুৱাৰ তিনি মাহ যাওঁতে নেযাওঁতেই তেওঁ আকৌ বিয়া কৰাই ন তিৰােতা ঘৰলৈ আনিলে ; জাৰ-কালিৰ অন্তত তেওঁৰ জীৱনত আকৌ বসন্তই দেখা দিলে ; আকৌ -।

"প্ৰফুল্লচূ তাষ্কুৰতীক্ষ্ণসায়কো দ্বিৰেফমালাবিলসদ্ধনুৰ্গুণঃ।
মনাংসিভেত্তুং সুৰতপ্রসঙ্গিনাং বসন্তযোধঃ সমুপাগতঃ প্রিয়ে।"

 নিশ্চয় কৈ কব পাৰোঁ, লোকেশ্বৰে নিজেও ভবা নাছিল যে তেওঁৰ মনৰ গতি এনেকৈ লৰিব । কিন্তু সংসাৰৰ এনেকুৱাই গতি। মানুহৰ মনৰ ওপৰত সময়ৰ এনেকুৱাই প্ৰভাৱ।

 জৰিগছৰ পুলিয়ে পুৰণি পকিঘৰ শিপাই পেলোৱাদি অলপ বয়সীয়া নতুন ঘৈণীয়েকে বয়সীয়াল লােকেশ্বৰ বৰুৱাক অসংখ্য শিপাৰে অতি শীঘ্ৰে শিপাই পেলালে । তেওঁ এতিয়া ঘৈণীয়েকৰ "উঠ” কথাত জপিয়ায়, আৰু “বহ” কথাত শোৱে । তেওঁ পাহৰিও এতিয়া ইন্দুমতীৰ নাম নকয়। ইন্দুমতী নাম এতিয়া তেওঁৰ কাণত বিহ-ফুল যেন তিতা। পেটৰ পোৱালি চেনেহৰ চন্দ্র, লগনীয়া মাহীয়েকৰ অনুগ্ৰহত দুদিনতে বাপেকৰ অপ্রিয় হল ।

 আৰু এটা ন কথাই লোকেশ্বৰ বৰুৱাৰ গাত বাহ ললে । আগৰ ধূন-পেঁচৰ ধাৰ নোখোৱা লোকেশ্বৰ, এতিয়া আদহীয়া বয়সত, ধূন- পেঁচৰ ওচৰত ধাৰতে পোত খালে। আগে পিচে শেওঁতা, গাত পাতৰ-চোলা চুৰিয়া, গোঁফত আতৰ আৰু মুখত তামােলৰ ৰাং আদিৰে লোকেশ্বৰে