ভাল; কাৰণ, উঠি ও যে তেওঁলোকে কিবা বাঘ-পহু মাৰিব পাৰিব
ভৰখা আমি নাৰাখোঁ। বিশেষকৈ, চিপ মাৰি জানিবা তেওঁ উঠিলে
আমি আকৌ তেওঁক নপৰাকৈ অলৰ মহা অলৰ কবলৈ মানুহ পাওঁ কত।
“বান্ধা কঁকালত টঙ্গালি আটি”
কৃষ্ণ শঙ্কৰ গুৰু। এইটো দেখোঁ নিচলা অসমীয়া কেইটাক বধিবৰ
ব্যৱস্থা ! কানিত অৰুচি উতনুৱা ডেকাখনে কৰে কি? তেওঁলোকৰ
মতলবটো কি ? একে বেলিয়েই খোলাখুলিকৈ কৈ দিলেই হয় যে,
টঙ্গালিখন ককালত নাটি-টেটুত আটা।
“লোৱা বীৰ-সাজ, দিয়া দলিয়াই, কেচুৱা লৰাৰ ঘাগৰি গাতি।” ‘শুনিলা?
অসমীয়া কেচুৱা। তেওঁৰ গাত ঘাগৰি গাঁতি আছে। অৰ্থাৎ তেওঁ
এতিয়াও আঠীয়া কল ছালি খোৱা অৱস্থাতে। তেন্তে নো সেই কেচুৱাই
ৰাম-ৰাৱণ ভীম-অৰ্জুনৰ বীৰ-সাজ পিন্ধি যুজ কৰিবলৈ ওলাব কেনেকৈ হে
কোৱাঁচোন হবাপতি ককাই? হাতত কাঠৰ হেঙুলীয়া জুনুকা লৈ যুজিবলৈ
ওলোৱা কেচুৱা অসমীয়াৰ পল্ টনটো দেখিবলৈ ধুনীয়া নহব নে বাৰু?
“উঠি কাম কৰা এৰি দিয়া তুমি
জুহাল গুৰিৰ কলা-ঘুমটি।
ইমানতে ভাই চোৱা চকু মেলি
কানি ধোৱাঁখোৱা পেলোৱা কাটি”।
আহা হা! জোনাকী কাকত নহয় জানিবা পুৰন্দৰ ৰজাৰ নাতি হে।
হুকুম কৰিলে, জুহালৰ গুৰিৰ পৰা উঠ! কলাঘুমটি এৰ! কানিৰ
ধোৱাঁখোৱাঁ কাটি পেলা!”
হেৰা জোনাকী পৰুৱা! তোমাৰ কিন্তু বুধিটোৰ গুৰিত কলহ চেৰেক
পানী ঢালি আৰুঅকোৱাঁলে নোপোৱা কৰি দিব লাগিল; নহলে কাম
নচলে। যাৰ কাণৰ কাষত ৰিঙিয়াই বা জয়-ঢোল কোবাই চকু মুকলি