কৰিব লগীয়া হৈছে, সি “ৰণধ্বজা কৰি” আগুৱাব পৰা লোক হে! এচকু
টোপনিৰে কেঁচাঘুমটীয়া অসমীয়াৰ কেঁচা ঘুমটি ভাঙ্গি, কুম্ভকৰ্ণক ৰাৱণে যি
কৰিলে তুমি অসমীয়াক তাকে কৰিবলৈ ফিকিৰত আছা হবলা? আমি
তোমাৰ ফাকিত সতকাই নপৰে৷ জানিবা! কানিৰ ধোৱাঁখোৱা পেলাই
আমি ৰণধ্বজা হাতত তুলি লম কিহৰ বাবত? ধ্বজা হুপিলে ধোঁৱা
ওলাব নে নাই গাত ৰাগী লাগিব ? তোমাৰ ধ্বজা তুমিয়েই লৈ ৰণ
কৰাঁ বা পৰ্ব্বত বিদাৰাঁ দেও হে, তাক আমাৰ হাতত নিদিবা।
তোমাক খোলাখুলিকৈ কৈ দিও যে আমাৰ ৰনধ্বজা আমাৰ হাতৰ
ধোৱাঁখোৱাবোৰেই, আমি তাক নেৰোঁ।
“সুৱঁৰি তোমাৰ এনুৱা বিলাই
যাব খোজে হায় বুকু যে ফাটি।”
আমাৰ বিলাই সুৱঁৰি তোমাৰ বুকু ফাটি যাব খুজিছে যাওক, আমাৰ তাত আপত্তি নাই। কিন্তু আমাৰ হলে, তোমাৰ বুকুখন চিণ্ডাল ফটাদি ফাটি যাব খোজা শুনি জুহালৰ গুৰিৰ কলাঘুমটি-টোৱেই ভাঙ্গিব খোজা নাই। কিমধিকমিতি
“পেলোৱা এছাৰ মাৰি সৰপালি”
‘সৰপালিটো কেচু কুমটি নহয় দেও হে যে তাক এছাৰ মাৰি
পেলাম। সি তো আমাক কামোৰা নাই।
“পুৱাব তেতিয়া দুখৰ ৰাতি”
পুৱাব নোৱাৰিছে আমি আমাৰ ৰাগী নেৰে মানে নুঠো; বেলি দুপৰ লৈকে শুই থাকিম। ৰাতি পুৱা নুপুৱাৰে সৈতে আমাৰ সমন্ধ কি ? আৰু ৰাতিটো দুখৰ নে সুখৰ, তুমি কানি খোৱা, তেতিয়া বুজিবা।
“নহলে নিশ্চয় অভিধান মেলি
নেপাবা আৰু অসমীয়া জাতি”