পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চোৰ


দ্বিতীয় অধ্যায়

 চক্ৰধৰ ফুকন শিৱসাগৰৰ এজন ডাঙৰ লোক; কাছাৰীৰ আমোলা। তেওঁৰ “অমোলাপটি” ত ঘৰ; এগোহালি গৰু; এভড়াল ধান; এবাৰী তামোল-পান; এবাৰি বাঁহ; এপুখুৰী পানী, আৰু সৰুৱে-বৰে বাৰটা ঘৰ। অৱশ্যে বতাহত তিনিটা ঘৰৰ মূধচ, আজি এবছৰ হল উৰি গৈছে; দুটাৰ ছালেদি চৰগ দেখি; পাচোঁটাৰ বেৰ "মেৰামতৰ” অপেক্ষাত আছে; এটাৰ বেৰে ঢকুৱাৰ তাপলি পাইছে; আৰু এটাই পিৰালিৰ পৰা চুৱাপাতনি বটা পাইছে। কিন্তু আমি ফুকনৰ ঘৰৰ সেইবোৰ দোয় গুণত আজি চকু দিবলৈ অহা নাই। কাৰণ, সেইবিলাকত চকু দিবলৈ গলে তাৰ লগৰীয়া এইবিলাকত ও আমাৰ চকু পৰিব; যথাঃ- তেওঁৰ ধানৰ মৰণা চৰা-ঘৰৰ চোতালত বা ভিতৰত মৰা হয় ; আদগোহালি গৰু চৰা-ঘৰৰ ভিতৰত বন্ধা হয়; ভাত খোৱা মজিয়াত কেচু-মটা, বুলনি-ঘৰত কাঠ-ফুলা, পাণীপোতাত নেগুৰীয়া পোক, নাওৰাত জেলুকীয়া কেচু, আৰু বাৰীৰ আগফালে পাছফালে কচু-ঢেকিয়া আৰু চোৰাঁতৰ বুকুৱা হাবি। ইয়াৰ লগে লগে যে ফুকনৰ মহাজনীয়া টকচ্ ঘোৰাটো, নেজখাৰী মাখুন্দী হাতী জনী, লৰা পাঁচোটা, সৰু ছোৱালী দুজনা আৰু ফুকননীও চকুত পৰি যাব। এই বাবেহে কৈছো বোলো আমাৰ ফুকনৰ ঘৰ-বাৰী আদিত চকু দিবৰ সকাম কি? তেওঁৰ যি অছে সেয়ে থাওক, আমি তাত হস্তক্ষেপ নকৰোঁ। ধুমুহাত তেওঁৰ ঘৰৰ মূধচ উৰি গৈছে যদি তেওঁ তাক চোৱাই লব, সেই কথা গমি-গপি আমি আমাৰ মূৰৰ ঘিউ খৰচ কৰোঁ কিয়? আমাৰ মূৰৰ ঘিউ আমাৰ ঘৰৰ মূধচৰ কুশলৰ অৰ্থে খৰচ কৰাই ভাল। ভগা-বেৰে দি যদি শিয়াল কুকুৰ ঘৰৰ ভিতৰলৈ সোমায়, তেওঁৰ ভাত-চৰু পেলনি যাব, বা তেওঁ টোকোন লৈ শিয়াল কুকুৰ খেদিব, তাত আমাৰ হৰণ-ভগন কি? চৰগ দেখা ছালে যদি উৰুখি পানী পৰে তেওঁৰ টপা মূৰ তিতিব আমাৰ কি?