“এৰা তোৰ বাপেৰ।”
“বোপাই, তুমি কৰ পৰা মাতিছা?”
“এই দুৱাৰ-চুকৰ পৰা।”
“দুৱাৰ চুকত বোপই তুমি কি কৰিছা?”
“কি কৰিম, তই যতে বহুৱাই থৈছ, ততে বহি আছোঁ৷” উঠি গৈ
দুৱাৰচুকত চাওঁ, কোনো নাই।
“বোপাই তুমি দুৱাৰচুকত কতা?”
“কিয় তই মোক দেখা নাই নে, মই ভাঙৰ চিলিম হৈ ওভত্
গোৰে বহি আছোঁ।”
“কি বোপাই তুমি ভাঙৰ চিলিম?”
“এৰা মিলাই, মই মৰি ভাঙৰ ছিলিম হলো।”
“বোপাই তুমি মৰি ভাঙৰ চিলিম হলা, কি লাজৰ কথা?।”
“এৰা মইনা, মই মৰি ভাঙৰ চিলিম হলো। লাজৰ কথা কি আছে;
তোৰ দদায়েৰতো মৰি এইয়া মোৰ কাষতে ধোৱাঁখোৱা হৈ বহি আছে।”
“কৃষ্ণ শঙ্কৰ গুৰু মোৰ দদায়ো মৰি ধোৱাঁখোৱা হল। তুমিও ভাঙৰ
চিলিম হলা। ময়ো মৰি কানিৰ টিকিৰা নহলে ৰক্ষা।”
“এৰা মোৰ পুতাই, কপালৰ লিখন কোনে খণ্ডাব? তোৰ
কপালত যদি লেখিছে, তয়ো মৰি কানিৰ টিকিৰা হবি।”
“বোপাই তোমাক কি লাগে?”
“মোৰ জাৰ লাগিছে সোনাই।”
“জুই পুৱাবা নে গাত কাপোৰ লবা?
“জুয়ো নুপুৱাওঁ, গাতো কাপোৰ নেলাগে। মোৰ মইনা, মোৰ
ভোকত জাৰ লাগিছে।”
“কি খাবা?”
১২