“ভাং!”
“কি বেপাই তুমি ভাং খাবলৈ শিকিল৷ কেতিয়াৰ পৰা?জীয়াই
থাকোঁতেতে নেখাইছিলা?”
“মিলাই সঙ্গদোষ বৰ দোষ। লগৰীয়াৰ পালত পৰি শিকিলোঁ।
সম্প্ৰতি মোক এহোপা ভাং খুৱা, জাৰত ঠক্ঠক্ কৰে কঁপিব লাগিছে।”
মই চিলিমটো আমি এচিলিম ভাং লগাই কলোঁ, “বোপাই খোৱা।”
বোপায়ে উত্তৰ দিলে, “মিলাই তই আগেয়ে হুপি জুই লগাই দে।
মই বুঢ়া মানুহ, তাতে সোলা, হোপাটো টান কৈ মাৰিব নোৱাঁৰিম।”
মই হোপা মাৰিছোঁ, এনেতে বোপায়ে মাত লগালে, “মিলাই ঔ !
তোক মোৰ আৰু এটা কথা কবলগীয়া আছে।”
“কি?”
“চেনিচম্পাক তই বিয়া নকৰাবি।”
“কিয়?”
“তোৰ মাৰে মোক সুখ দিছিল নে?”
“মোৰ আই দন্দুৰী। চেনিচম্পা তো দন্দুৰী নহয়। চেনিচম্পা
সোৱাদ।”
“চেনিচম্পা যে দন্দুৰী নহয় তই কেনেকৈ জানিলি? পোনতে দিন-
চেৰেক তাই তোক তইহে-তই, মইহে-মই কৰিব, কিন্তু পুৰণি হলেই দিনৌ
পুৱা-গধূলি খুন্দাথুন্দে দন্দৰ তাপত ঘৰত তিষ্ঠিব নোৱাৰা হবি। তোৰ মাৰৰ
সৈতে মোৰো সেয়ে হৈছিল । আৰু এটা কথা; তিৰোতক ধন-সোণ
অলঙ্কাৰ-পাতি সৰহকৈ এসোপা দিব নোৱাৰিলে তিৰোতা বিয়া কৰাব
নেপায়, কৰানেই দুদিনতে ঘৰ গুচি বাঁহ-তল হব? অকলশৰীয়া মানুহ
এককম সুখীয়া। “অকলশৰীয়া জীৱন, চমকা চমকে পিয়ন” বুলি বুঢ়া
লোকে কয়। মই জীয়াই থাকি মাৰে সৈতে গৃহবাস কৰি থকাতকৈ, মৰি
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪
সাধু-কথাৰ কুকি