কৈছোঁ। মইহে তোমাৰ ভৰি পিটিকি পাওঁ। তোমাৰ চেনি যে
সোৱাদ, তুলা যেন কোমল, গাখীৰ যেন বগা হাতে মোৰ এই লোৱ-চুৰ
যেন ভৰি কেনেকৈ পিটিকিব? অসম্ভৱ অসম্ভৱ। অসম্ভৱ।”
এইবিলাক বলকি গৈ থাকোতে থাকোতে অকস্মাৎ মনত খেলালে এই
লাখুটি নে ভৰি কি জানো এই দুডালেৰে সৰুৰে পৰা বাট বুলিবই লাগিছো
দেখোন তেও তাৰ আৰু জিৰণি নাই। আমনি লাগিল বাপুহে আৰু
ভৰিৰে খোজ কাঢ়ি! আৰু নোৱাৰি। অন্ততঃ মাহচেৰেক ভৰিক
বিশ্ৰাম দিয়া যাওক। “চন্দ্ৰ সূৰ্য্য সাক্ষী হবাহঁক। আজিৰ পৰা
মিলাৰামে বাগৰি বাগৰি বাট বুলিব নিশ্চয় কৰিলে।” এই বুলি মই
ভটাগুটি বাগৰাদি বাগৰি যাবলৈ ধৰিলো। তিনি বেওঁমান বাট সেই
দৰে বাগৰি আহি তিনি মাহ মানৰ বাট আহা যেন লাগিল। “আচ্ছা
তিনি মাহতে বাগৰি বাট বুলিলে তিনি মাহ আকৌ ভৰিক খটোৱা
যাওক। এই তিনি মাই খাই বৈ তেওঁলোক নিপোটল হৈ পৰিছে।
আৰু চুটী নাই।” এই বুলি লাহেকৈ উঠি ঈশ্বৰে দিয়া ভৰি দুটাক
কামত লগাই দিলো। পুহ মহীয়া ৰাতি দুপৰ মান হল, জাৰে কামোৰা
যেন পালো। ভাবিলো, ঘৰ পালেই মই আজি হেপাহ পলুৱাই একুৰা
ডাঙৰ জুই পুৱাম। “আজি নো বাটটো ইমান দীঘল হল কেলৈ?
নুধুকায় হে নুধুকায়। ৰাতি আলিবাটবোৰ নিয়ৰত কুমলি বৰৰ এঠা
বঢ়াদি বাঢ়ে নে কি?
গৈ থাকোঁতে থাকোঁতে এটা পৰ্বতৰ ওপৰত জুই দেখি, মোৰ
চোলাৰ মোনাত থকা চেলেউলৈ মনত পৰিল। পৰ্বতটো মই থকা
ঠাইৰ পৰা কিজানি তিনি দিন মানৰ বাটৰ দূৰৈত। কিন্তু তেতিয়া
আমুকাইৰ শৰীৰত, ওচৰ আৰু দূৰৰ জ্ঞান আছিল যেন মনে
নধৰে। জাৰ খেদাৰৰ মনেৰে ছোলাৰ মোনাৰ পৰা চেলেউটো
উলিয়াই পৰ্বতৰ ওপৰৰ জুইৰ ফালে টোৱাই এঘণ্টামান বেলি
হুপিবই লাগিছোঁ, ওঠ বিষাবলৈ ধৰিলে, তথাপি ঠেলেউকে
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
চেনিচম্পা