তাৰ নামটো জানো) কুকুৰ। কিনাৰাম বাঘে খোৱাৰ কি অন্যায়!
এনে দগা বাজি কৰি, লোকৰ বাট আগুৰি বহি থাকিবলৈ, ৰাতি কুকুৰ
এৰি দিয়ে বা কেলৈ? কাইলৈ পুৱা নিশ্চয় কৈছোঁ , এই বাবে,কিনাৰামক
আষাৰচেৰেক গালি পাৰি আহিম গৈ। “মোৰ মইনা কুকুৰ, কুকুৰ,
কুৰ কুৰ, মোক বাট এৰি দিয়া বহুত ৰাতি হল মই ঘৰলৈ যাওঁ। বাটৰ
পৰা গুচা মোৰ সোণটি, কাইলৈ তোমাক, সঁচাকৈ কৈছো,আগলিকলাপাতৰ
এপাত ভাত খাবলৈ দিম। ঔচ্! ঔচ্! ঔচ্!- কি নেৰ বাট?
নেৰ? হাঁহি মুখেৰে কথা কবৰ দেখিছ হবলা, গুচ বাটৰ পৰা গুচ!
মোৰ খং নুতুলিবি দেই, একেমাৰেই কঁকালটো ভাঙ্গি থম বুলি বুজ পোৱা
নাই হবলা ? গুচ! গুচ! কৰবাৰ ভতুৱা কুকুৰ গুচ!” এই বুলি
খং কৈ কুকুৰৰ গাত এটা জয়ধন গোৰ শোধাই দিলো।গোৰ খাই
কুকুৰৰ ভুৰ্ভঙ্গেই নাই। অথচ লেৰেলা শৰীৰ উফৰি তিনিহাত মান
দূৰত পৰিলো। পৰিয়েই “কেনে পালি” বুলি কৈ, লাহে লাহে উঠি
খোৰাই খোৰাই কাষৰ কাটি গুচি যোবা গল। তিনি বেওঁমান মাটি
আতৰি গৈহে আমুকাইৰ মনত খেলালে যে, সেইটো কুকুৰ নহয় গছৰ
মূঢ়াহে। অবাটে আহি মই গছৰ মৃঢ়া পাইছিলো। যি হওক চেনি-
চম্পা কুৱৰীৰ অৰ্থে গছৰ মূঢ়াৰে সৈতেই জানিবা অলপ মালশ্ৰম,
কৰিলো, এই ভাবি মনত সান্ত্বনা লভি টুক্ টুক্ কৰে যাবলৈ
ধৰিলো।
গছৰ মূঢ়াট গোৰ মাৰিয়েই নে বহুত বাট খোজ কাঢ়ি কব নোৱাৰো
মোৰ ভৰি বিষাবলৈ ধৰিলে। আপোনা আপুনি কাতৰ কৰি কৈ গৈছো।
চেনিচম্পা সুন্দৰী! তোমাৰ অৰ্থে বুজ কৰি মই ঘাইল হৈছো, মোৰ ভৰিত
বিষ হল, এই কথা যেন তুমি নেপাহৰা! নিশ্চয় এই বাবে মই তোমাৰ
ওচৰত বেছি পুতো পাম! উঃ! মোৰ ভৰি বিষাইছে! চম্পাচেনি মোৰ
ভৰিটো অলপ পিটিকি- শ্ৰীবিষ্ণু! বলিয়াৰ নিচিনাকৈ মই কি কথা
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০
সাধু-কথাৰ কুকি