পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
সাধু-কথাৰ কুকি


ভুকুৱাই কান্দোন-কাটোন লগাই দিলে । শেহত বিচাৰত মকৰ্দ্দমা গোটেই মিছা প্ৰমাণ হলত গোসাঁই জানিবা মুকলি হল। কিন্তু পিতাদেউৰ বিষয়ে দয়ালু হাকিমে গুণি গপি চাই ইয়াকে পালে, যে তেওঁৰ এটা দিহা নকৰিলে, হিংসক আৰু বলৱন্ত গোসাঁইয়ে সদাই তেওঁৰ নামে চৰকাৰৰ ঘৰত কূট-নাট লগাই থাকিব। এই বিমৰিষ কৰি ধৰ্মাৱতাৰে পিতাদেউক অন্ততঃ তিনি বছৰৰ নিমিত্তে বৰফাটকৰ ভিতৰত ঠাই দি নিৰাপদ কৰি খিয়লীয়া গোসাইক “জব্দ” কৰি থলে।
 এই গল পিতাদেৱৰ চৰিত্ৰ। পিতাদেউ পাছত কোন?--কোন? কোন? ময়েই হবলা? হয়। এইবাৰ বুঢ়াৰ গা পালেহি। অ, মোৰ নিজৰ জীবন চৰিত্ৰ লেখিবলৈহে আদিতে কাপ ধৰিছিলো? কি ভুল। মোৰ নিজৰ দেখোন একোকে লিখা নহল! নহল নাই, দিনো যোৱা নাই!