পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
মিলাৰামৰ আত্মজীৱনী


কৰিব নোৱাৰিলো।” মই কলোঁ, “দেউতা মই সেইটো থিৰ কৰিম!” দেউতাই কলে “কৰিবি?” মই কলো “কৰিম দেউতা।” দেউতাই আকৌ সুধিলে “কৰিবি?” মই কলো “কৰিম।” দেউতাই পুনৰ সুধিলে “কৰিবি?” মইও বুকু ফিন্দাই পুনৰ কলো “কৰিম দেউতা।’’ দেউতাই কলে “মই তেনেহলে এতিয়া নিশ্চিন্ত হৈ সুখেৰে মৰোঁ।” মই কলো “দেউতা মৰিব পাৰে,মোৰ কোনো আপত্তি নাই।” এই কথা শুনি দেউতাই চকু মুদিলে। সেইদিনাৰ পৰা মই অলপ-অচৰপ লেখা পঢ়াত মন দিলো৷

 গৰুৰ কাষৰপৰা চিকৰা-খোৱা গৰু-বগ নুগুচাদি মোৰ দেউতাৰ কাষৰপৰা গুচৰীয়া-পদকীয়া নুগুচিছিল। আৰু মোকৰ্দ্দমা সাজি দিছে, তাক জবাব চৱাল শিকাইছে,আৰু সাক্ষীক শিকনি দিছে, তাৰ হৈ উকিল-মুক্তিয়াৰ ধৰি দিছে, এনেবিলাক পৰোপকাৰ কৰিয়েই তেওঁ কাল কটাইছিল।

 তেওঁৰ জীৱনৰ এটা ডাঙৰ ঘটনাৰ উল্লেখ কৰিয়েই আজিলৈ আমি মেলানি মাগিম। এবাৰ তেওঁৰে আৰু তেওঁৰ গোসাঁইৰে কিবা কথাত লাগি মনান্তৰ হয়। “বাৰু তুমি কেনে গোসাঁই মই দেখুৱাম” বুলি মোৰ পিতাৰ পিতাদেউতাই গোসাঁইৰ নামে এটা ফৌজদাৰী মোকৰ্দ্দমা গজগজীয়াকৈ থিয় কৰি দিলে। এদিন দেউতাই খবৰ পালে যে ওচৰৰে এখন গাৱঁত অমুক দিনা অমুকৰ ঘৰৰ এজনী মৰা ছোৱালী অমুক ঠাইতে পুতি থৈছে। ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথৰ প্ৰতিমা সাজিবলৈ নিমকাঠ বিচাৰি অকলৈ কান্ধত কুঠাৰ লৈ যোৱাদি, ৰাতিয়েই পিতাদেউৱে কান্ধত কোৰলৈ অকলে সেই মাৰা শটো খানি আনি, গোসাঁই প্ৰভুৰ ঘৰৰ ওচৰৰে এখন বিলৰ দলনিৰ তলত সুমাই থৈ, পুলিচত খবৰ দিলেগৈ, যে অমুক গোসাঁইয়ে এনে তেনে কথাত, লাগি, মোৰ ভনী ছোৱালীজনী খুন কৰি “লাচটো” কৰবাত লুকাই পেলালে। এই বাতৰিত হুলস্থুল কাণ্ড লাগিল, আৰু গুৰু হাজোতলৈ গল। দেউতাই পুলিচক লৈ গৈ দলনিৰ পৰা শটো উলিয়াই হিয়া-মূৰ