পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
স্বৰ্গাৰোহণ


 মই- যাওঁতে লৈ যাব পাৰ যদি। কিন্তু বৌৱেৰক হলে এৰি যাব নোৱাৰোঁ।

 কাম –কিয় বৌক এৰি যাব লাগিছে, তেওঁকো লৈ যামহঁক! কিন্তু এজন এজনকৈহে মই লৈ যাব পাৰিম। পলাই স্বৰ্গত সোমোৱা কথা দুইকো একে বেলিয়েই লৈ গলে কৰবাত ধৰা পৰিম। ধৰা পৰিলে আপোনালোক তো অজলা “নৰ মনিষ” বুলি সাৰিব, মইহে মৰা পৰিম। প্ৰথমতে দুৱৰীয়েই কোবাই মোৰ পিঠিৰ ছাল ছিঙিব; তাৰ পিছত ইন্দ্ৰৰ আগ পোৱালে নি কি হয় ইন্দ্ৰই হে জানে। আপোনাক আগেয়ে লৈ গৈ স্বৰ্গত থৈ আহোঁগৈ, তাৰ পাছত বৌক লৈ যামহি।

 মই-বাৰু তেন্তে। কিন্তু সাৱধানে কৰিবি বোপাই। ভাল-মন্দ তইহে জান' অ' আৰু এটা কথা; মোৰ বই বস্তু সোপা কি কৰিম? এৰি থৈ যাব হলে নোৱাৰোঁ। মই বোপাই বগা শিলৰ মেজখন কালিহে কিনি আনিছোঁ ।মখমলৰ জোতাজোৰা সৰব ন।

 কাম -- আপোনাৰ বস্তু এটাইবোৰ কেনেকৈ লৈ যাব? ধৰা পৰি মৰিব দিয়েনে? আপুনি বলে পৰা এটামান টোপোলাৰ জোখাই বাৰু লয় যদি বান্ধি লওক। বগা শিলৰ মেজ-চেজ এৰক, সেইবোৰ লৈ যাব নোৱাৰে। স্বৰ্গত গৈ আপুনি ঠান্-থিত লাগক গৈ, তাতে মই লাহে লাহে বগা শিলৰ মেজ এখনহে নেলাগে দহখন কিনি দিম। মখমলৰ জোতাজোৰ পিন্ধি লওক।

 মই – ( ভালেমান বেলি ভাবি) বাৰু মোৰ বোপাই তোৰ কথাই ৰওক। কিন্তু এদিন মান সময় দিব লাগিব; আজিয়েই মই যাব নোৱাৰো কাইলৈ ৰাতিকৈ আমি ঠিক হৈ ওলাই থাকিমহঁক, তই আহি লৈ যাবিহি মখমলৰ জোতাজোৰ নিপিন্ধো, টোপোলাত সুমাই লম, বাট বেয়া যদি পিন্ধি খোজ কাঢ়িলে সি ফাটিব।