পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাধুকথাৰ কুকি

কাম–বাৰু তেন্তে কাইলৈ ঠিক মাজনিশা আহি আগেয়ে আপোনাক লৈ যামহি, তাৰ পাছত বৌক।

 মই -এৰা।

 ইয়াৰ পিছত সমাজিকতে দেখিলো যেন "কাইলৈ মাজনিশা” হল। যেন সকলো দিহা-পােহা কৰি নিব লগা বস্তু একেটা টোপােলাতে বান্ধি যাবলৈ দুয়ো সাজুহৈ ওলালো। যেন কামদেউ আগৰ দৰেই ছবিটোৰ পৰা নামি আহি আগ ৰাতিৰ কথা মতে মোক আগেয়ে যাবলৈ কলে। যেন মই ধােবাই কাপােৰৰ টোপােলা লোৱাদি বস্তুৰ টোপোলাটেো লৈ পিছে পিছে যাবলৈ ধৰিলাে।

 কিছুমান বেলিৰ মূৰত স্বর্গ পালো গৈ। কেনেকৈ কোন আৰু কেনেকুৱা বাটেদি গলো, আৰু যাওঁতে বাটত কি দেখিলো,কি শুনিলো,মোৰ একো মনত নাই। এটা মানুহ-দুনুহ নােহোৱা ঘৰত মােক সুমাই দি সি কলে, “আপোনাৰ এইটোৱেই বহা, ইয়াতে টোপালাটো থওক"। তাৰ কথামতে মই টোপোলাটো মাটিতে থৈ তাক কলো, “বাৰু মই টোপােলা থলো", তই লৰ মাৰি যা বৌৱেৰক লৈ আহগৈ,মোৰ মনটোৱে খু-ধুৱাব লাগিছে।

 “মই যাওঁ লৰি লৈ আহোঁগৈ” বুলি কামদেউ নাইকিয়া হল।

 কামদেউ যােৱাৰ পিছত, “এনেই বহিয়ে আছোঁ, এটা কামকে কৰোঁ” এই ভাবি লাহে লাহে টোপোলাটা মেলি এটা দুটাকৈ বস্তু উলিয়াই মাটিত থৈ যাবলৈ ধৰিলো। কিন্তু কি আচৰিত বস্তুবােৰ টোপোলাৰ পৰা উলিয়াই থোৱা ঠাইতে কেয়া-অঙ্গুলিটো সোমাব পৰা এটা ফুটা আছিল। মই ভাবিছিলো সেইটো পৰুৱাৰ গাঁত। সেই ফুটাই দি টলৰ্ টলৰ্ কৰে মোৰ বস্তুবােৰ এটা এটাকৈ সৰকি তলৰ পৃথিবীলৈ পৰিব লাগিছে দেখােন। মই দেখি তাে অবাক'স্বৰ্গখন এনে “বে মেৰামত” কিয় ?