সমললৈ যাওক

পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
সাধু-কথাৰ কুকি


তৃতীয় অধ্যায়

 মালতী-“আই! তুমি মোক অথনিৰে পৰা কি কবলৈ উচ-পিচাই আঁছা অথচ কব পৰা নাই, মুখৰ কথা মুখৰ ভিতৰতে লুকাইছে। মই বুজিছোঁ। আই! তোমালোকে দুখ বেজাৰ নকৰিবা, বৰুৱাৰ ঘৰৰ জীয়াৰী পিতৃ-মাতৃৰ কল্যাণ আৰু বংশ ৰক্ষাৰ নিমিত্তে কলঙ্কিনী, হব- লৈকো পিছ নোহোঁহকে।” এই চোকা কথা কেষাৰ মাকৰ কোমল অন্তৰত কলাপাতৰ-ঠোৰত কাঁড় শৰকাদি শৰকি গল।

চতুৰ্থ অধ্যায়

 গন্ধকলাই-পহুৰ গন্ধকলাই ফুটি গোন্ধ ভোটৰ পৰ্ব্বত বিয়পি পৰিলে পহুমৰীয়াবিলাক ধেনু-কাঁড়-যাঠী-জোং লৈ যেনেকৈ তাৰ ফাললৈ লৰ ধৰে, মালতী ৰজাৰ কুৱঁৰী হব, এই বাতৰি ফুটি তাৰগোন্ধ গৰগাঁৱৰ ই মূৰৰ পৰা সি মূৰলৈ বিয়াদান 'দিয়া মাত্ৰকতে, সেই দৰে গৰগঞা প্ৰজাই নানা ৰকম কথাৰ যাঠী জোং-ধেনু-কাঁড় লৈ জয়ৰাম ডেকাবৰুৱাৰ ঘৰলৈ লৰিবলৈ ধৰিলে। দুপৰী সাজ-তোলানী আহিছে ইয়াকে কবলৈঃ-“তোক কোলাত লৈ তুলিলো-তালিলো আই, এতিয়া সু-কপালৰ গুণে ৰাজৰাণী হলি, মই আৰু কটনাকাটি ভাত নেখাওঁ।” লীলাই আৰু বকুলী আহিছেঃ-- “একে লগে সৰুৰে পৰা ডাঙৰ-দীঘল হলোহঁক মালতী, আমি চুকৰ ভেকুলী চুকতে পৰি থাকিলো, কপালৰ বলত তই হলি ৰজাৰ কুৱঁৰী” এই কথা কবলৈ। “ক” ককায়ে কবলৈ আহিছে, “আইটি! তই ডাঙৰ মানুহ হলি, সখাগৰা পিথবীৰ ৰাজেষ্টৰী হলি, এতিয়া আমালৈ নেপাহৰিবি, বিষয়-বাসনা এখন দি এটাইত গুজি-মেলি ৰাখিবি।” “খ” পাচনীয়ে ভয়তে তৎমৎ এৰি, তাহানি মাটি এডৰাত লাগি মিছা কথাতে ডেকাবৰুৱাৰে সৈতে দণ্ড কৰাৰ