পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
মালতী


 ডেকাবৰুৱানী – “থালি-ভগা জুয়ে খেদাদি খেদিব; ৰজাৰ ডড়িৰ হাতৰ পৰা নো কৰবাত পলাই সাৰিব পাৰি নে? আকৌ আমি সৰিলেও বঙহ-পৰিয়াল যত যি আছে,এটাইবিলাককে ধৰি আনি ডোখৰ ডোখৰকৈ কাটিব। আমাৰ দোষত বংশটোৱেই নিৰ্ম্মল হব।”
 জয়ৰাম -“তেনেহলে?”
 ডেকাবৰুৱানী -“তেনেহলে নিজৰ ৰক্ষা আৰু বঙহ-কুটুম-পৰিয়ালৰ ৰক্ষাৰ নিমিত্তে ৰজাক ছোৱালীটী নিদিলে আৰু উপায় কি?”
 জয়ৰাযম “আই মালতি। তোৰ পিতৃ-স্নেহ, মাতৃ-স্নেহৰ, তোৰ পিতৃ-মাতৃৰ পৰা এই প্ৰতিদান!” এই বুলি জয়ৰাম ডেকাবৰুৱাই হুক্ হুক্ কৰে কান্দিবলৈ ধৰিলে।

দ্বিতীয় অধ্যায়

 মালতীয়ে ৰান্ধনী ঘৰত বহি ভাত ৰান্ধিছিল। ডেকাবৰুৱা ডেকা- বৰুৱানীয়ে মাৰল ঘৰত বহি মালতীৰ অসাক্ষাতে এই বিলাক কোৱা- মেলা কৰিছিল। ৰান্ধনী ঘৰ ওচৰতে, গতিকে সোপাই মালতীৰ কাণত পৰিল। কথা কাণত পৰিয়েই মালতীৰ মূৰ ঘূৰি গল, চকুৱে ধুৱঁলি- কুৱঁলী দেখিলে হাতৰ হেতা সৰি পৰিল। অলপ বেলি এই অৱস্থাত থাকিৰেই হঠাৎ কি এটা ভাবি ভয়ানক স্থিৰ হৈ সোণৰ পদুম যেন হাত যুৰি মূৰৰ ওপৰলৈ তুলি “হে প্ৰভু মোক এই শঙ্কট সময়ত ৰাখা।” ইয়াকে বুলি অতি সকৰুণ স্বৰেৰে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিলে—

 “শুণ্ডে মেৰাই পদ্ম গোট ওপৰক তুলি।
 গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি।”