নকওঁ
মাহেকৰ আগৰেপৰা আমাৰ গাত উলাহ, ফাকুৱা আহিছে। তাতে
ঘৰতে পূজা; উলাহৰ ওপৰত উলাহ পৰি আমাৰ ৰং ৰংপুৰৰ ৰংঘৰটোৰ
সমান হৈছে। পূজালৈ বয়-বস্তু নৈবেদ্য-উপকৰণ গোটাবলৈ আমি লৰা-
বোৰে উঠি-পৰি লাগিছোহঁক।
আজি অদিবাস। মেষদাহ হব। কি আনন্দ। ভৰি, তই মাটিত
পৰ নে নপৰ কব পাৰ নে? ৰং, তই থাকিবলৈ মোৰ বুকুত ঠায়ে
নোজোৰাত পৰিল, কি কৰিম, নিজগুণে ক্ষমা কৰিবি। আলিবাটেদি
যোৱা সৌ কেটা মানুহলৈ চোৱা; গোটেইটো গাৰ ভৰ ভৰিত দি, আৰু
ভৰিৰ গোটেইখন পতা মাটিত পেলাই কেনেকৈ লেহেমকৈ খোজ
কাঢ়িছে। সোৰোপোহঁত! অলপো যদি তহঁতৰ গাত উছাহ আছে!
এনে লেহেম খোজ ফটুৱাই-ফটা ভৰিৰে দেখোন নিতৌ কাঢ়িব লাগিছ,
তেও অমনি লগা নাই নে? আজি ফাকুৱাৰ দিনাও মাটিত ফটা চৰণ
কেইটা নেপেলোৱাকৈ খোজ কাঢ়িলে কিবা জগৰ লাগে নে? ৰঙে আমাৰ
মনৰ ভাৰৰ গঢ় এনেবিলাক কৰিছিল। উৎসৱৰ দিনা ডেও দি দি খোজ
কঢ়াটোহে আমাৰ মনত স্বাভাবিক যেন লাগিছিল।
আমি লৰাবোৰে গাইপতি একোটা কামত মহা উৎসাহেৰে লাগি গৈছো। মোৰ বেছি হেপাহ,পূজাত ফুল সৰহকৈ গোট খাব কেনেকৈ। সেই দেখি ফুল তোলা বাবটো মই ললো। পুৱাৰপৰা ফুলৰ কুকি হাতত লৈ, আঘোনমহীয়া পথাৰৰ পকা ধান দোৱাদি, আমাৰ ফুলনী বাৰীৰ আৰু লোকৰ ফুলনী