পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
ভেমপুৰীয়া মৌজাদাৰ


কি কৰিব ইসব দোষে।” মহৎ লোকক ক্ষুদ্ৰ পাপে চুব নোৱাৰে। জুইয়ে কেঁচা পকা দুইকো পোৰে।
 কি কলা? সিদিনা ৰাতি দুপৰত ডাঙৰীয়ানীয়ে অমুকী বেটীৰ ওপৰত খং কৰি, আৰু স্বামীৰ ঘিণ-লগা ব্যৱহাৰত, নিজৰ জীৱনকে ধিক্কাৰ দি, চিয়ৰ-বাখৰ কৰি লৰ মাৰি নৈত পৰি মৰিবলৈ গৈছিল কিয়?-কি কলা? ওঁ — গৈছিল কিয়?-উৰহি গছৰ ওৰটো নেপালে তুমি নেৰা। তোমাৰ মুখৰ লগতে কেতিয়াবা তুমি কটা যাবা মই দেখিছোঁ : কেপ কেপাই নেথাকিবা মনে মনে থাকা!
 ইতি শ্ৰীভেমপুৰীয়া মৌজাদাৰস্ব আখ্যানং সম্পূৰ্ণং সমাপ্তং।