পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সাত্বত তন্ত্ৰ।

ময়ো আগমত যিবা  হিংসাক বিহিয়া আছোঁ
 কামুকৰ ফলৰ কাৰণে।
মোৰ অভিপ্ৰায় নুহি  জানিবাহা সাৰে সাৰ
 যাতো আজ্ঞা দিলা নাৰায়ণে॥ ৩৬১॥
এতেকে তুমিয়ো মুনি  কাম্য কৰ্ম্ম পৰিহৰি
 কৃষ্ণকথা শুনা ৰাত্ৰিদিন।
প্ৰবৃত্তি শাস্ত্ৰক তুমি  কদাচিতো নাচৰিবা
 শুনিলে মলিন হৈবে মন॥
পৰমাৰ্থ পদ যিটো  নজানিয়া দুষ্টজনে
 পশু মাৰি দেৱক যজয়।
কৰ্ম্মভোগ অৱসানে  আসম্ভে পথত তাক
 পশুসবে বেঢ়িয়া কাটয়॥ ৩৬২॥
নিবৃত্তি শাস্ত্ৰৰ মাজে  হৰি ভকতিসে মুখ্য
 বিশেষত কৃষ্ণলীলা কথা।
জগতৰে সুমঙ্গল  ইহাক কীৰ্ত্তন কৰা
 কৰ্ণে আক শুনিয়ো সৰ্ব্বথা॥
যাৰা অন্য দেৱতাৰ  শৰণ ভজন চাৰি
 কৃষ্ণতেসে শৰণ পশয়।
ইহ পৰলোকে তাৰা  কৃতাৰ্থ হৰিৰ প্ৰিয়
 আনন্দতে বৈকুণ্ঠে চলয়॥ ৩৬৩॥
কহিলোঁ তোমাত এই  উত্তম সাত্বত তন্ত্ৰ
 ইসে বিষ্ণুভক্তৰ জীৱন।