পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাত্বত তন্ত্ৰ।


কলিযুগে অল্প ভাগ্য আলস্যীয়া জন।
অতি ক্ষুদ্ৰ আয়ু [১] শিশ্নোদৰ পৰায়ণ॥
মহাদীন মলিন কলিৰ যত জন।
তাসম্বাৰ একবিধ মুক্তিৰ সাধন॥ ১৯৭॥
সৰ্ব্ব পাপ নাশে সৰ্ব্ব সুখৰ কাৰণ।
কেৱলে কৃষ্ণৰ মাত্ৰ নামৰ কীৰ্ত্তন॥
যাতো কলিযুগে কৃষ্ণ পুৰুষ উত্তম।
অৱতৰি যশ বিস্তাৰিলা নিৰূপম॥ ১৯৮॥
ধ্যান যজ্ঞ পূজা আদি সমস্তে সংহৰি।
ষশস্যাক থাপি গৈলা বৈকুণ্ঠ নগৰী॥
এতেকে কলিত দেৱ দৈৱকী নন্দন।
ইন্দ্ৰনীল সম শ্যাম তন্তু নিৰুপম॥ ১৯৯॥
চাৰি যুগ মাজে জানা কলি শ্ৰেষ্ঠতৰ।
যিহেতু ইহাত ভক্ত হইবেক বিস্তৰ॥
এতেকে সত্যাদি যুগে যত লোকচয়।
কলিত জন্মিতে বাঞ্ছা সতত কৰয়॥ ২০০॥
ধ্যান যজ্ঞ পূজা যজনৰ যত ফল।
কলিত কীৰ্ত্তনে আবে পাৱয় সকল॥
নাহি দেশ কালৰ নিয়ম কীৰ্ত্তনত।
এতেকে পৰম ধৰ্ম্ম কীৰ্ত্তন কলিত॥ ২০১॥
এহি হেতু কলিক প্ৰশংসে শিষ্ট জনে।
কীৰ্ত্তন মাত্ৰত মোক্ষ পাৱে অযতনে॥

  1. পাঠান্তৰ—মহা দুঃখী ক্ষুদ্ৰ