পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাত্বত তন্ত্ৰ।


মোহোৰ ভাৰসা এহিমনেসে জানিবা।
কৃপাময় কৃষ্ণে জানি আকে মোক দিবা॥
মই মহা বিষয়ী ভক্তিৰ নোহো পাত্ৰ।
কেৱলে নামক সাৰ কৰি আছোঁ মাত্ৰ॥ ১৫৪॥
মোৰ মুখে নছাৰোক ৰামকৃষ্ণ নাম।
ভাগৱত মিশ্ৰে কহে বোলা ৰাম ৰাম॥

⸻০⸻


ছবি।

শিৱ নিগদতি ঋষি  শুনা কহো বিমৰিষি
 কৃষ্ণ পদ শৰণৰ কথা।
কায় বাক্য মনে যেৱে  কৃষ্ণত সাক্ষাত ভৈল
 পৰনিষ্ঠা আছয় সৰ্ব্বথা॥ ১৫৫॥
শৰণ বুলিয়া আকে  জানিবাহা দেৱ ঋষি
 কিন্তু এহি তিনি বিধ হয়।
প্ৰথম [১] মধ্যম শ্ৰেষ্ঠ  ক্ৰমে এহি তিনি বিধ
 শুনা কহো তিনিৰো নিৰ্ণয়॥
ধৰ্ম্ম তীৰ্থ দেৱতাত  পাপ-দুখ ভয়াদিত
 যিমত ৰক্ষক ভাৱ হয়।

  1. পাঠান্তৰ —‘অধম’।