পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাত্বত তন্ত্ৰ।


উৎপত্তি প্ৰলয় বিদ্যা অবিদ্যা অগতি।
গতি সমে আবে জ্ঞান ষড়বিধ সম্প্ৰতি॥ ৯৩॥
চাৰিবিধ ধৰ্ম্ম সত্য শৌচ মৌন দয়া।
কহিবো বৈৰাগ্য মুনি শুনা মন দিয়া॥
অমান ব্যতিৰেক ঐকান্তিক নাম।
বশীকৃত্য সমে চাৰিবিধ অনুপাম॥ ৯৪॥[১]
আঠবিধ ঐশ্বৰ্য্যৰ প্ৰথমে অনিমা।
প্ৰাকাম্য বশিতা ব্যাপ্তি লঘিমা মহিমা॥
কামাবসায়িতা আৰু ঈশিতা সাক্ষাত।
এহি আঠ ঐশ্বৰ্য্যক কহিলো তোমাত॥ ৯৫।॥
শ্ৰী বুলি ভৃত্য পুত্ৰ পৌত্ৰ সুহৃদক।
অমাত্য বান্ধৱ ভাৰ্য্যা বস্তু ভূষণক॥
চতুৰঙ্গ গৃহসেনা অস্ত্ৰ দুৰ্গস্থান।
ইত্যাদিক শ্ৰীবুলি কৈলোঁ বিদ্যমান॥ ৯৬॥
যশ পুনো দুই বিধ কৰ্ম্মগুণময়।
কৰ্ম্ম চাৰি বিধ সৃষ্টি পালন প্ৰলয়॥
লীলা অৱতাৰৰ চৰিত্ৰ সমে চাৰি।
গুণময় অৱতাৰ গণিতে নপাৰি॥ ৯৭॥


  1. অমানো-ব্যতিৰেকশ্চ একান্তিত্ত্ব বশীকৃতঃ।
    এবং চাতুৰ্বিধো ভদ্ৰ বৈৰাগ্যঃ সমুদাহৃতঃ॥
      এই চাৰিবিধ বৈৰাগ্যৰ লক্ষণ ২৪৪ পদত চাওক।