পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ।

শঙ্কৰ বদতি শুনা নাৰদ স্বৰূপ।
প্ৰদ্যুম্ন যে অৱতাৰ কৃষ্ণ অনুৰূপ॥
পৰম লাৱণ্যৰূপে লোক ৰঞ্জিবন্ত।
সম্বৰক মাৰি আনো কৰ্ম্ম কৰিবন্ত॥ ৮০॥
অনিৰুদ্ধ অৱতাৰে নাম প্ৰবৰ্ত্তক।
যাৰ উষ৷ হৰণে বাণৰো দৰ্প হত॥
ব্যাসৰ তনয় ভৈলা শুক অৱতাৰ।
মুনি সকলত যিটো কৈলা বেদসাৰ॥ ৮১॥
বোধ অৱতাৰ হৈবা কলিৰ যুগত।
জিনৰ তনয় হৈবা গয়৷ প্ৰদেশত॥
অলক্ষিত ভাৱে পাষণ্ডক মোহ কৰি।
পাষণ্ড শাস্ত্ৰক প্ৰবৰ্ত্তাইবা দেৱ হৰি॥ ৮২॥
যেবে ৱেদ নষ্ট হৈব পাষণ্ড ব্যাপিব।
কল্কি অৱতাৰে সবে পাষণ্ড কাটিব॥
অষ্টম মনুত সৰস্বতীৰ তনয়।
সাৰ্ব্বভৌম অৱতাৰ বলিন্দ্ৰ সহায়॥ ৮৩॥
আয়ুষ্কৰ অৱতাৰ নবম মনুত।
ত্ৰৈলোক্য পালিবা শ্ৰুত ইন্দ্ৰ সমন্বিত॥
দশমত বিশুচি তনয় বিক্‌সেন।
শম্ভূ ইন্দ্ৰ সহায়ে মাৰিবা দৈত্যগণ॥ ৮৪॥